আজি নেহৰু যুৱ কেন্দ্ৰ সংগঠন উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগত আৰু নেহৰু যুৱ কেন্দ্ৰ, কামৰূপৰ ব্যৱস্থাপনাত কামৰূপৰ সংহত জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ পৰা আই আই টি, গুৱাহাটী খেলপথাৰলৈ “Cheers 4 India Run Tokyo Olympic 2020’’ শীৰ্ষক শুভেচ্ছামূলক দৌৰ অনুষ্ঠিত কৰা হয়। দেশক প্রতিনিধিত্ব কৰা লাভলীনা বৰগোঁহাইৰ লগতে ভাৰতীয় দলটিক উৎসাহিত আৰু অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচী বিধায়ক ভবেশ কলিতাই পতাকা জোকাৰি শুভাৰম্ভ কৰে। শুভাৰম্ভণি ভাষণ প্ৰসঙ্গত তেওঁ কয় যে ৰাজ্যৰ ক্ৰীড়া ইতিহাসত অলিম্পিকত ভাগ লোৱা অসমৰ প্রথমগৰাকী মহিলা ৰূপে বক্সাৰ লাভলীনাই নাম খোদিত কৰিলে। লাভলীনাক উৎসাহিত আৰু অনুপ্ৰাণিত কৰাৰ বাবেই আজিৰ এই অভিযান। তেওঁ খেলুৱৈগৰাকীলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ক্ৰীড়া জগতত সুকীয়া স্থান দখল কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰে। আজিৰ এই অনুষ্ঠানত কামৰূপ জিলা প্ৰশাসনৰ হৈ উপস্থিত থাকে জিলাৰ সহকাৰী আয়ুক্ত কৌষ্ঠৱ ৰয়। নেহৰু যুৱ বিকাশ কেন্দ্ৰৰ উপ সঞ্চালক তাপছ কুমাৰ প্ৰমানিক, নেহৰু যুৱ বিকাশ কেন্দ্ৰৰ মণ্ডল সঞ্চালক জে ৰাইভা, অসম ৰাজ্যিক পৰিবহনৰ অৱসৰপ্ৰাপ্ত যুটীয়া আয়ুক্ত কুশল হাজৰিকাৰ লগতে শতাধিক যুৱ প্ৰতিনিধিয়ে আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…