শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ শিল্পী,কবি তথা বিদেশত ইংৰাজী ভাষাত ভাওনা প্ৰদৰ্শনৰে খ্যাতি অৰ্জন কৰা অৰুপ শইকীয়াই বাঁহ-কাঠ আৰু কংক্ৰিটেৰে নিৰ্মাণ কৰি উলিয়াইছে এটি বিশেষ আৰ্হিৰ তিনিমহলীয়া ঘৰ। যোৱা বৰ্ষৰ ক’ভিড মহামাৰীৰ ফলত হোৱা লকডাউনৰ সময়ত আৰম্ভ কৰা নিজৰ পৰিকল্পনাৰে বাঁহ-কাঠেৰে থলুৱা অসমীয়া আৰ্হিৰ কাৰুকাৰ্যৰ সম্পূৰ্ণভাবে পৰিস্ফূটিত হোৱা এটা সম্পূৰ্ণ ঘৰ। বৰ্তমাণ সময়ত হেৰাই যাব বিচৰা অসমীয়াৰ থলুৱা বাঁহ-কাঠৰ ব্যৱহাৰ যেন পুনৰুজ্জীৱিত কৰি এটি আটক ধূনীয়া ঘৰটিৰ তেওঁৰ পিতৃৰ নামেৰে ‘হেমাপদ্ম আলয়’ নাম ৰাখিছে। দেশ-বিদেশত ইংৰাজী ভাষাত ভাওনা প্ৰদৰ্শন কৰি জনপ্ৰিয়তা লাভ কৰা অৰুপ শইকীয়াই জানিব দিয়া অনুসৰি প্ৰবাসী পৰ্যটক বা শিল্পীক অসমৰ থলুৱা কাৰিকৰী বিদ্যাৰ সুন্দৰ উপস্থাপন আৰু আৰ্হি প্ৰদৰ্শনৰ বাবে ঘৰটো সাজিছে বুলি কয়। অসমত পৰ্যাপ্ত পৰিমাণে পোৱা বাঁহ-কাঠৰ গুণগত মান বিশ্ববন্দী। বাঁহেৰে নিৰ্মিত ঘৰটোৰ প্ৰথম মহলাৰ চিৰি আৰু তৃতীয় মহলালৈ যোৱা চিৰিটো কাঠেৰে নিৰ্মিত। তৃতীয় মহলাত ক’লা,কৌশলী তথা সংস্কৃতি চৰ্চাৰ বাবে ষ্টুডিঅ হিচাপে ব্যৱহাৰ উপযোগীকৈ নিৰ্মাণ কৰা হৈছে বুলি জনাই। মস্কু(Moscow) আৰ্হিৰ অসমীয়া থলুৱা কাৰুকাৰ্যৰ সংমিশ্ৰণেৰে গঢ় দিয়া ঘৰটো সঁচাই এক আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে জামুগুৰিহাটৰ সংগীয়া মাজৰচুক।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…