স্বচ্ছ, নিকা আৰু সেউজ ৰঙিয়া গঢ়িবলৈ ‘ৰঙিয়া পৌৰসভা’ আৰু স্বেচ্ছাসেৱী সংস্থা ‘সাধনা’ৰ যুটীয়া উদ্যোগত পৌৰসভাৰ কাৰ্যবাহী বিষয়া চম্পক ডেকাৰ সভাপতিত্বত ৰঙিয়া কৃষক শ্বহীদ ভৱন চাফাই কৰ্মীসকলৰ লগত এখনি সভা অনুষ্ঠিত হয়। কাৰ্যক্ৰমত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি(অ) শ্ৰী স্বপ্নীল পালে ৰঙিয়া চহৰখনক সৰ্বতোপ্ৰকাৰে চাফচিকুণকৈ ৰাখিবলৈ গঠনমূলক দিহা-পৰামৰ্শ আগবঢ়ায় আৰু চাফাই কৰ্মীসকলৰ লগত এক মত-বিনিময় কাৰ্যক্ৰমৰ দ্বাৰা তেওঁলোকৰ অভাৱ-অভিযোগ সমূহৰ আলোচনা কৰে। স্বচ্ছ ভাৰত অভিযানৰ বিষয়া নেহাৰ চামাদ আৰু সাধনাৰ সম্পাদক যোগাচাৰ্য জ্যোতিষ কলিতাই ৰঙিয়া নগৰৰ প্ৰতিটো ৱাৰ্ডৰ প্ৰতিটো পৰিয়ালে যাতে শুকান আৰু ভিজা জাৱৰ পৃথককৈ ৰখাৰ অভ্যাস কৰে আৰু চাফাই কৰ্মীসকলে পৃথকীকৰণৰ ওপৰত গুৰুত্ব দি যাতে পেলনীয়া সামগ্ৰীবোৰ সংগ্ৰহ কৰে এই বিষয়ত সুন্দৰকৈ নীতি নিৰ্দেশনা আগবঢ়ায়। কাৰ্যক্ৰমত পৌৰসভাৰ অন্তৰ্গত লোকসকলৰ ঘৰে ঘৰে গৈ জাবৰ সংগ্ৰহ কৰা ড্ৰাইভাৰ যতীন বড়ো, সহায়ক/হৰিজন অশোক বাচফোৰ, নলা নিস্কাশক,চেনিটাইজেছন কৰ্মীদ্বয় কুলেন দাস আৰু নেকিবৰ ৰহমান, স্ট্ৰীট চুইপাৰ সুমিত্ৰা বাচফোৰ আৰু পুতুলী বাচফোৰক শ্ৰেষ্ঠ কৰ্মী হিচাপে মহকুমাধিপতিৰ দ্বাৰা ফুলাম গামোচাৰে সন্মানীত কৰা হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…