মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৰালিমাৰীত আজি কিছু দিনৰ পৰা সংঘটিত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত কেবাটাও পৰিয়ালৰ ঘৰ ভেটি ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ লগতে বৰালিমাৰীৰ কালি মন্দিৰটোও খহনীয়াত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছত যোৱা ২৩ জুলাইত বৰালিমাৰীৰ খহনীয়াগ্ৰস্ত অঞ্চল টো পৰিদৰ্শন কৰে ভূৰাগাঁও ৰাজহ চক্ৰ বিষয়াই। ৰাজহ চক্ৰ টোৰ নৱনিযুক্ত ৰাজহ চক্ৰ বিষয়া প্ৰিয়ংকা বলিয়াই অঞ্চল টো পৰিদৰ্শন কৰি কয় যে – বৰালিমাৰী অঞ্চল টোত চলি থকা খহনীয়া প্ৰতিৰোধৰ বাবে অস্হায়ী প্ৰতিৰোধ ব্যৱস্হা সম্পৰ্কে জিলা উপাযুক্তই বিভাগীয় কৰ্তিপক্ষৰে ইতিমধ্যে আলোচনা কৰিছে। সদ্যহতে অঞ্চলটো ৰক্ষাৰ বাবে পাৰ্যমানে চেষ্টা কৰা হব। উল্লেখ্য যে বৰালিমাৰী অঞ্চল টোত দীৰ্ঘদিনৰ পৰা ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত আছে। আৰু প্ৰতি বছৰে অঞ্চল টোৰ ন – ন পৰিয়ালে খহনীয়াত আক্ৰান্ত হৈ ঘৰ ভেটি হেৰুৱাই আহিছে। বিগত সমষ চোৱাত বৰালিমাৰীৰ লগতে বৰালিমাৰী সমিপৱৰ্তী জেংপৰি আদি অঞ্চলতো বহু লোক সৰ্বস্বান্ত হৈছে খহনীয়াত।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…