মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত অন্যতম বৃত্ত হিচাপে চিহ্নিত ওৰাং চাৰিআলি । আচলতে ওৰাং খনৰ কিছু অংশ চমুৱাগাঁও আৰু তাৰে কিছু অংশ ১ নং শইকীয়া চুবুৰীৰ অন্তৰ্গত এই দুই খন গাঁওৰেই কিছু অংশক লৈ ওৰাং চাৰিআলি অৱস্থিত । বিজেপি নেতৃত্বাধীন চৰকাৰে সমগ্ৰ অসমৰ বাগান সমূহৰ লগতে ৰাজ্যৰ প্ৰায়ে ভিতৰুৱা গাঁও সমূহৰ ৰাস্তা ঘাট যাতায়ত ব্যৱস্থা উন্নত কৰি আহিছে । কিন্তু দুৰ্ভাগ্যৰ কথা এইটোৱেই যে ওৰাঙৰ গাতে লাগি থকা এই দুখন চমুৱাগাঁও আৰু ১ নং শইকীয়া চুবুৰীৰ বাসিন্দা সকলক বাৰুকৈ চিন্তিত কৰি তুলিছে দৈনিক অহা যোৱা কৰা যাতায়তৰ পথে । ১ নং শইকীয়া চুবুৰী গাঁওখন ওৰাঙৰ গাতে লাগি থকা বাবে টাউনৰ দৰে কেইবাটাও গলিত ভিভক্ত হোৱাৰ লগতে ওৰাঙৰ আধা অংশ লাগি থকা চামুচগাওঁ খন বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ মিলন ভূমি হিচাপে চিহ্নিত । ওৰাং বাসী ৰাইজে গাঁও অঞ্চলৰ ৰাস্তা পকী হৈ থকা সময়তো ওৰাঙৰ চমুৱাগাঁও আৰু ১ নং শইকীয়া চুবুৰীৰ ৰাইজ বঞ্চিত হব লগীয়া হোৱাত দুখ প্ৰকাশ কৰিছে । ওৰাঙৰ চমুৱাগাঁওৰ ৰাস্তা খনৰ বৰ্তমান অতি দুখ লগা অৱস্থা । উল্লেখযোগ্য যে এই চমুৱাগাঁওৰ ওৰাং উচ্চতৰ মাধ্যমিক আৰু ওৰাং চাৰিআলি সংযোগী একমাত্ৰ পথ । যি পথেৰে পাউৰীপোটা, ৰৌমাৰী , ভোগদল ইত্যাদি গাঁওৰ স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে দৈনিক যাতায়ত কৰা সাধাৰণ ভুক্তভোগী ৰাইজে বিভিন্ন গাঁওৰ লগত সংযোগ থকা চমুৱাগাঁওৰ ৰাস্তা খন আজিৰ তাৰিখতো পকী নোহোৱাত চৰকাৰক কাতৰ অনুৰোধ জনোৱাৰ ওৰাং বাসী ৰাইজে । লগতে গাঁওখনৰ ৰাইজে অতিশীঘ্ৰে ৰাস্তা পকীকৰণ কৰাৰ কাম হাতত লবলৈ দাবী উত্থাপন কৰিছে । এইখন গাঁওত বসবাস কৰা দুখীয়া ভাড়া মাৰি জীৱন নিৰ্বাহ কৰা আটো চালক , ই-ৰিক্সা চালক সকলে প্ৰতিবছৰে বাৰিষা আৰম্ভ হোৱাৰ পৰাই কিদৰে ঘৰ চলাব সেই বিষয় চিন্তিত হৈ পৰে কাৰণ ৰাস্তাৰে তেওঁলোকৰ অটো , ই ৰিক্সা , ভাড়া মৰা সৰু গাড়ী আদিবোৰ ঘৰৰ পৰা ওৰাং চাৰিআলিলৈ ৰাস্তাৰ দুৰৱস্থাৰ ফলত ওলাই লৈ যোৱা সম্ভৱ হৈ নুঠে । খালি হাতেৰে খোজ কাঢ়ি যোৱাটোৱেই অসম্ভৱ হৈ পৰে । বাৰিষা কালত এইখন ৰাস্তাত চাইকেল ,মটৰ চাইকেল আদিৰো চলাচল সম্পূৰ্ণ স্তব্ধ হৈ পৰাত বছৰ বছৰ ধৰি বহু সমস্যাৰ সন্মুখীন হব লগীয়া হৈছে এইখন ৰাস্তাৰ লগত সংলগ্ন থকা সাধাৰণ ৰাইজ । ওৰাংৰ গায়ে লাগি থকা চমুৱাগাঁও প্ৰাথমিক বিদ্যালয়ৰ সন্মুখৰ পৰা ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয় যোৱা পথৰ দুয়োকাষে ঘৰ থকা একমাত্ৰ পথ চমুৱাগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা জিতেন বড়োৰ ঘৰ লৈ পকী কৰি ৰাইজক যাতায়তৰ সুবিধা কৰি দিবলৈ অঞ্চলৰ ভুক্তভোগী সকলৰ লগতে বিভিন্ন দল সংগঠনেও দাবী তুলিছে ।মাজবাটৰ বিজেপিৰ যুব নেতা কিশোৰ শৰ্মাই এইটো পথ অনতিপলমে পকীকৰণৰ কৰাৰ সুব্যৱস্থা গ্ৰহন কৰাৰ বাবে আহ্বান জনাইছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ‘অনুপমা’ৰ ৰূপালী গাংগুলীয়ে এক বিশেষ ৰোগৰ বাবে গৰ্ভধাৰণত সমস্যাৰ সন্মুখীন হৈছিল! প্ৰতিগৰাকী মহিলাই বিপদত পৰে এই ৰোগৰ বাবে…
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান…
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…