এটুকুৰা ৰহস্যজনক কাঠক লৈ মেলেঙত তীব্ৰ কৌতুহল

এটুকুৰা ৰহস্যময় পৌৰাণিক কাঠক লৈ  সৃষ্টি হৈছে তীব্ৰ কৌতুহল।কাঠটুকুৰা চাৱলৈ ভিৰ লাগিছে ৰাইজৰ।টীয়কৰ মেলেং বৰখেলীয়া গাৱত মাটিৰ তলৰ পৰা উদ্ধাৰ হৈছে এডাল পৌৰাণিক  কাৰুকাৰ্য্যগঠিত এটুকুৰা কাঠ আৰু কাঠটুকুৰাক লৈ এতিয়া তীব্ৰ কৌতুহল সৃষ্টি হৈছে সমগ্ৰ অঞ্চলতটোত ।৭ ফুট দীঘল অদ্ভুত কাঠটুকুৰা চাৱলৈ ভীৰ লাগিছে স্থানীয় ৰাইজৰ।গোৱিন বৰা নামৰ ব্যক্তিজনে পুখুৰী খাণ্ডোতে প্ৰায় ১২ ফুট মাটিৰ তলৰ পৰা উদ্ধাৰ হৈছিল এই অদ্ভুত কাঠটুকুৰা।কাঠটুকুৰা কোনো সাধাৰণ যেন লগা কাঠ নহয়।কাৰণ কাঠটুকুৰাত খোদিত হৈ আছে নিপুন হাতৰ কোনো অপূৰ্ব কাৰুকাৰ্য্য ,আৰু তাৎপৰ্য্য কথাতো হ’ল যে যি টুকুৰা ঠাইত কাঠটুকুৰা ওলাইছে সেই ঠাই শ শ বছৰ ধৰি কৃষি ভূমি হিচাপে ব্যৱহাৰ হৈ আহিছে।তাত নাই কোনো জনবসতি। কাঠটুকুৰাৰ ওজন প্ৰায় ৪০ কেজি আৰু স্থানীয় জ্যেষ্ঠ লোক সকলৰ মতে কাঠটুকুৰা প্ৰায় ৪০০ বছৰ পুৰণি।একাংশৰ মতে এইয়া হাটীবন্ধা কাঠ,একাংশৰ মতে ফাঁচী শাল আৰু একংশৰ মতে ঐতিহাসিক ১১আলিৰ কোনো বংশধৰৰ সম্পদ।বৰ্তমান গোবিন বৰা ঘৰত সংৰক্ষিত অৱস্থাত থকা কাঠটুকুৰা পুৰাতত্ত্ব বিভাগে গুৰুপ্ত দিয়া উচিত বুলি মত পোষন কৰিছে স্থানীয় ৰাইজে।

Related Articles