BTR ওদালগুৰি জিলাৰ টংলা সসীপুৰ দাৰুগাখাটৰ পৰা বগপুৰি-কুকুৰাকাটালৈ সংযোগ হোৱা পথৰ দুৰৱস্থাই, প্ৰতিবছৰে ৰাইজক জ্বলা কলা খুৱাই আহিছে। ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বগপুৰি VCDCৰ অন্তৰ্গত দাৰগাখাটৰ পৰা বগপুৰি-কুকুৰাকাটালৈ সংলগ্ন হোৱা এই পথছোৱাৰ ফলত পথচাৰী এতিয়া এক কথাত যমৰ যাতনাত ভুগিবলগীয়া হৈছে।জৰুৰীকালীনৰ বাবে এম্বুলেন্স এখন যাব নোৱাৰা এই পথছোৱা এজাক বৰুষুণত খেতি পঠাৰলৈ পৰিণত হয়l ঠায়ে ঠায়ে পুখুৰি সদৃশ গাতl যাৰ ফলত অঞ্চল বাসীয়ে এতিয়া নৰক যান্ত্ৰনাত ভুগিছে।
অতি পৰিতাপৰ বিষয় যে চৰকাৰ আহে আৰু চৰকাৰ যায় ।কিন্তু ! স্বাধীনতাৰ ৭৪ বছৰৰ পিছতো এজন জনপ্ৰতিনিধিয়ে আজিলৈ এই দুৰ্গম পথছোৱা পকীকৰণৰ বাবে ব্যৱস্থা কৰি নিদিলে। বৰঞ্চ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দিয়া প্ৰতিশ্ৰুতিও আজিলৈ এজন জন প্ৰতিনিধিয়ে পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চল বাসী ৰাইজ।।সেয়েহে শেষ আশ্বাষ লৈ আঞ্চল বাসী ৰাইজ এইবাৰ পৰিৱৰ্তন গামী নৱ গঠিত চৰকাৰৰ BTR মুখ্য কাৰ্যবাহী সদস্য প্ৰমুদ বড়োৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে যে দাৰোগাখাটৰ পৰা বগপুৰি-কুকুৰাকাটালৈ যোৱা এই দুৰ্গম পথছোৱা অতি শিঘ্ৰেই পকীকৰণৰ ব্যৱস্থা কৰি দিয়ে যেন।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বিবাহত ৰাজনৈতিক উপহাৰ! দৰাই কইনাক উপহাৰ দিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ফটো…
- ‘অনুপমা’ৰ ৰূপালী গাংগুলীয়ে এক বিশেষ ৰোগৰ বাবে গৰ্ভধাৰণত সমস্যাৰ সন্মুখীন হৈছিল! প্ৰতিগৰাকী মহিলাই বিপদত পৰে এই ৰোগৰ বাবে…
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান…
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…