আজি ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনৰ আজিৰ দিনটোতেই ভাৰতীয় সেনাই দেশৰ অখণ্ডতা ৰক্ষা কৰি কাৰ্গিলৰ উচ্চ শিখৰত বিজয় ধ্বজা উৰুৱাইছিল। এই দিনটোতেই চিৰবৈৰী পাকিস্তানক ভাৰতৰ ভূমিৰ পৰা খেদি পঠিয়াইছিল ভাৰতীয় সেনাই। সেইসময়ত কাৰ্গিলৰ উচ্চ শিখৰত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰি শ্বহীদ হৈছিল অসমৰ সু-সন্তান গোলাঘাট খুমটাইৰ কেপ্তেইন জিন্টু গগৈয়ে। ১৯৯৯ চনৰে পৰা বীৰ গৰাকীক সন্মান জনাই প্ৰতিবছৰ ২৬ জুলাই তাৰিখে উদযাপন কৰি আহিছে কাৰ্গিল বিজয় দিৱসটি । এইবাৰো কৰ’ণা ভয়াৱহতাৰ মাজতে খুমটাইৰ কেপ্তেইন জিন্টু গগৈৰ বাসগৃহৰ সন্মুখৰ সমাধিস্থলীত উদযাপন কৰা হয় ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস। পিতৃ ঠগিৰাম গগৈ, মাতৃ দুলুপ্ৰভা গগৈৰ অনুপস্থিতিৰ স্বত্বেও গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত পৰিয়ালৰ আন সদস্য তথা জাচিংফা লেখিকা সমাৰোহ সমিতিৰ সহযোগত পালন কৰা হয় কাৰ্গিল বিজয় দিৱস। বিজয় দিৱসৰ প্ৰথমটো কাৰ্যসূচীৰ অনুযায়ী ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই। সমাধিত বন্তি প্ৰজ্বলন কৰে নুমলীগড় দিল্লী পাব্লিক স্কুলৰ অধ্যক্ষ উমেশ চন্দ্ৰ হৰব’লা আৰু বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে গোলাঘাট গাৰ্লছ এন চি চিৰ কামাণ্ডেন্ট এচ এচ শিৱাটচ। শ্বহীদ গৰাকীৰ পিতৃ মাতৃ গুৱাহাটীত ৰাজ্যিক ভাৱে উদযাপন কৰা কাৰ্গিল বিজয় দিৱসত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ বাবে এইবাৰ নিজৰ বাসগৃহত উদযাপন কৰা বিজয় দিৱসত উপস্থিত থাকিব নোৱাৰিলে । পৰিতাপৰ কথা যে পৰিয়ালটোৱে প্ৰতিবছৰে নিজৰ গাঁঠিৰ ধন ভাঙি কাৰ্গিল বিজয় দিৱস উদযাপন কৰি আহিছিল যদিও এইবাৰ গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰিলে এই বিজয় দিৱসটো।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিলড্ৰেনছ এছিয়ান গেমছত খেলাৰ বাবে ৰাছিয়ালৈ যাব অসমৰ দেবাংগনা তাঁতী…
- গুৱাহাটীত দুখনকৈ আই পি এল মেচ ! মহানগৰীত যুদ্ধকালীন প্ৰস্তুতি চলাইছে ৰাজস্থান ৰয়েলছে…
- ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী জোনাইৰ এজন যুৱক…
- ৰমণী আলি অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ…
- বৰক্ষেত্ৰীত মুছলমান লোকৰ মৰম চেনেহ বিজেপিৰ লগত সদায় আছে !প্ৰধানমন্ত্ৰী মোডীক দেশৰ সূৰ্য আখ্যা মুখ্যমন্ত্ৰীৰ…
- মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা সাহা…
- বিশ্বনাথৰ তিনিসূঁতিত লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সাহিত্যিক ছত্ৰমান চুব্বাক বিশেষ সম্বৰ্ধনা জ্ঞাপন…
- চালকৰ অগোচৰে ডাম্পাৰ চলাই আলহী খাবলৈ আহিল হেন্দিমেন ! দুৰ্ঘটনা সংঘটিত কৰি টুথপেষ্টৰে চালকৰ ফোন নম্বৰ লিখি পলায়ন হেন্দিমেনৰ…
- পুৰণিগুদামত দুদিনীয়াকৈ আৰম্ভ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪, উদুলি-মুদুলি পুৰণিগুদাম বাপুজী ভৱন পুথিভঁড়ালৰ খেলপথাৰ…
- জুলাইত বিয়াঃ লণ্ডনত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পাকিস্তানী গায়কৰ পত্নীৰ সৌন্দৰ্যই মন মুহিলে দৰ্শকক…