সদ্য ঘোষিত আই চি এছ পৰীক্ষাত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত আসাম ভেলী স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ ৯৯.৭৫ শতাংশৰে সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষ স্থান লাভ কৰা বিশ্বনাথ জিলাৰ বৰগাং চাহ-বাগিচাৰ পৰিচালক জ্যোতিৰ্ময় কাকতি আৰু নবনীতা কাকতিৰ কন্যা অস্মিতা কাকতিক আজি বিহালী ৰাংছালী ফাউণ্ডেশ্যনৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ফাউণ্ডেশ্যনৰ সভাপতি অঞ্জল দাস, উপ সভাপতি সীমান্ত দাস, সম্পাদক প্ৰণৱ কুমাৰ দাস,সহকাৰী সম্পাদক বিদ্যুৎ দাস,বিত্ত সম্পাদক সুৰেশ বৰা,সাংস্কৃতিক সম্পাদক বিমান দাস,প্ৰচাৰ সম্পাদক অৱনী দাস আৰু ফাউণ্ডেশ্যনৰ সুভাকাংক্ষী আভিষেক বৰুৱাৰে সমৃদ্ধ সদস্যবৃন্দ ৰঙাগড় চাহ বাগিচাৰ বাসগৃহত গৈ উপস্থিত হয় আৰু বিৰল কৃতিত্বৰে অসমৰ নাম উজ্জ্বলাই তোলা কৃতি ছাত্ৰী অস্মিতা কাকতিক এখন গামোচা আৰু এখন শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি অস্মিতা কাকতিয়ে নিজৰ অভিব্যক্তি প্ৰকাশ কৰি কয় যে,তেওঁৰ জীৱনত এন.জি.অ ৰ পৰা এনেদৰে গামোচা শৰাইৰে সম্বৰ্ধনা লাভ কৰা এইয়ে প্ৰথম আৰু তেওঁৰ ফলাফলত বিহালী অঞ্চলৰ ৰাইজে গৌৰৱ অনুভৱ কৰাত নিজকে ধন্য মনাৰ কথা কৈ ফাউণ্ডেশ্যনৰ সকলোৰে প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। পিতৃ জ্যোতিৰ্ময় কাকতিয়েও তেওঁৰ জীয়ৰীয়ে শৈক্ষিক ক্ষেত্ৰ খনত দেখুৱা ভাল ফলাফলত ৰাংছালী ফাউণ্ডেশ্যনৰ যুৱবৃন্দই যি মৰম যাঁচিলে সকলোকে ধন্যবাদ জনাই আৰু ৰাংছালী ফাউণ্ডেশ্যনৰ উত্তৰোত্তৰ কামনা কৰে। অস্মিতা কাকতিয়ে লাভ কৰা নম্বৰ সমূহ হল ইংৰাজীত ৯৯, বুৰঞ্জীত ১০০, সমাজ বিজ্ঞানত ১০০, মনোবিজ্ঞানত ১০০ আৰু ৰাজনীতি বিজ্ঞানত ৯৮। অস্মিতাৰ পৰবৰ্তী ভাবে দিল্লী বিশ্ব বিদ্যালয়ত পঢ়াৰ ইচ্ছা।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…