ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ ক’ৰণা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক’ৰণাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি ২৭জুলাইত ওদালগুৰিত ২৭ গৰাকী ক’ৰণাত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত এক এপ্ৰিলৰ পৰা ২৭ জুলাইলৈ আক্ৰান্তৰ সংখ্যা ৪৪৬১ গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে ২৭জুলাইত ৩০২৬ গৰাকীক পৰীক্ষা কৰাৰ পিছত ২৭ গৰাকীৰ দেহত ক’ৰণা ধৰা পৰে।জিলা খনৰ মুঠ ৪৪৬১ কভিড আক্ৰান্তৰ ভিতৰৰ ৪২২৭জনক ক’ভিড মুক্ত ঘোষনা কৰাৰ লগতে ওদালগুৰিৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৫৬২ গৰাকীৰ ১২৫ আইচিলেচনত, ১৬৭ সক্ৰিয় ৰোগী চিকিৎসাধীন হৈ আছে।ইপিনে- শেহতীয়া তথ্য অনুসৰি মাৰ্চ’২১ৰ পৰা ২৭ জুলাই লৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ৬৭ গৰাকীলৈ বৃদ্ধি পালে।ইপিনে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ১৭১২৮৮গৰাকীক ভেকচিন প্ৰদান কৰা হৈছে।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে সজাগ আৰু সচেতন হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি ক’ভিডৰ নীতি নিৰ্দেশনা মানি চলিবলৈ স্বাস্হ্য বিভাগৰ লগতে ওদালগুৰি জিলাৰ সচেতন নাগৰিক সমিতিয়ে আহ্বান জনাইছে ৷আনহাতে সমগ্ৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চল সমুহত ১১০১ গৰাকীক ৰেট পৰীক্ষাত ৯ গৰাকী ক’ভিড চিনাক্ত কৰা হৈছে ৷ইতিমধ্যে ক’ভিডৰ দ্বিতীয় পৰ্যায়ৰ ২৭জুলাই লৈ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ওৰাং,মাজবাট,ৰৌতা আদি অঞ্চল সমুহত ৩৫ গৰাকী গৰ্ভবতী মহিলা ক’ভিড পজিটিভ বুলি চিনাক্তকৰণ কৰা হৈছে ৷উল্লেখযোগ্য ক’ভিড পজিটিভ হোবা গৰ্ভবতী মহিলাৰ কোনো এগৰাকীয়েও ক’ভিড ভেকচিন লোৱা নাই বুলি জানিব পৰা গৈছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…