বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত গেলাহাটিঙাৰ খেৰবাৰীত এক ইতিহাস বিজড়িত ঠাণ্ডা পানীৰ উঁহক পানী সংৰক্ষণৰ কেন্দ্ৰ হিচাপে গঢ় দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী অসম অৰুনাচল সীমান্তৱৰ্তীৰ চিজুছালৈ যোৱা মূল পথৰ দাঁতিত থকা ঠাণ্ডা পানীৰ উঁহ ওলোৱা দুটাকৈ স্থানত গেলাহাটিঙা বাগিচা কৰ্তৃপক্ষই ৰাইজৰ খোৱা পানীৰ সুবিধাৰ্থে কোঁৱা ৰিং বহুৱাই দিছিল যদিও বৰ্তমান ৰিং দুটা ভাঙি-চিঙি যোৱা পৰিলক্ষিত হৈছে। ভিতৰুৱা অঞ্চলৰ ঠাই হিচাপে স্থানীয় লোকে প্ৰতি মূহূৰ্তত ঠাণ্ডা পানীৰ উঁহ ওলাই থকাত গোলাঘাটৰ গৰম পানীৰ উঁহৰ দৰে উক্ত স্থানটোকো অলৌকিক বুলি ভাবি আহিছে যদিও অঞ্চলটোৰ ইতিবৃ্ত্ত অনুসৰি ১৯৫০ চনৰ অসমত হোৱা বৰ ভুমিকম্পৰ ফলত ঘটা অভিকেন্দ্ৰৰ বাবে কোনো নৈৰ সুতৰ পানী উক্ত স্থানত সকলো সময়তে উলাই থকা দেখা যায়। ঠাইখনৰ স্থানীয় লোকৰ মতে উক্ত স্থানত বুৰ-বুৰকৈ ওলাই থকা পানীৰ উঁহৰ বাবে বৰ্তমান ঠাইখন বুৰবুৰি বুলি পৰিচিত হৈ পৰিছে। খেৰবাৰী বুৰবুৰিৰ ঠাণ্ডা পানীৰ উঁহ বাৰ মাহে নুশুকুৱাকৈ ২৪ ঘন্টাই পানী ওলাই থকাত বহু সময়ত বহু লোকে আচৰ্য প্ৰকাশ কৰাৰ লগতে অলৌকিক ভাবে পূজা অৰ্চনা কৰাও দেখিবলৈ পোৱা যায়। বৰ্তমান উক্ত ঠাণ্ডা ফটফটীয়া দেখাত পৰিস্কাৰ পানীৰ উঁহৰ পৰা উলোৱা পানী নিকটৱৰ্তীত বসবাস কৰা লোকে খোৱা পানী হিচাপে ব্যৱহাৰ,গা ধোৱা,কাপোৰ ধোৱা পানী হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও স্থানীয় লোকসকলৰ নদী ঘাটৰ মাংগলীক কামসমুহ উক্ত উঁহৰ পানীত কৰি অহা দেখা যায়। ইফালে আজি কিছু বছৰ পূৰ্ব্বৰ পৰা উক্ত বুৰবুৰিৰ উঁহৰ পানীত প্ৰতিবছৰে পূজা-অৰ্চনাৰ ঘাট হিচাপে স্থায়ী স্থান হিচাপে স্থাপন কৰা পৰিলক্ষিত হৈছে। দীৰ্ঘকাল ধৰি ঠাইখনত ঠাণ্ডা পানীৰ উঁহে পথচাৰীৰ লগতে স্থানীয় লোকৰ খোৱা পানীৰ অভাব পূৰণ কৰি আহিছে সেইহে ঠাইখন পানী সংৰক্ষণৰ কেন্দ্ৰ হিচাপে গঢ় দিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…