দেশভক্ত তৰুণৰাম ফুকনৰ ৮২ সংখ্যক মৃত্যু তিথি উপলক্ষে আজি ধুবুৰী জিলা প্ৰশাসনৰ সৌজন্যত তথা জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ধুবুৰী আৱৰ্ত ভৱনৰ ‘নেতাই ধুবুনী প্ৰেক্ষাগৃহ’ত ‘দেশভক্ত দিৱস’ উদযাপন কৰা হয়৷ ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলীৰে শ্ৰদ্ধা নিবেদন কৰা হয়৷ অনুষ্ঠানত ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ধুবুৰী জিলা সাহিত্য সভাৰ কাৰ্যনিবাহক সদস্য মিহিৰকান্তি দাসে ‘স্বাধীনতা সংগ্ৰামী তৰুণৰাম ফুকন’ শীৰ্ষক বিষয়ত আৰু ধুবুৰী শাখা সাহিত্য সভাৰ সম্পাদক জাকিৰ হুছেইনে ‘তৰুণৰাম ফুকনঃ ব্যক্তি আৰু ব্যক্তিত্ব’ শীৰ্ষক বিষয়ত বক্তব্য প্ৰদান কৰে৷ তেওঁলোকে তৰুণৰাম ফুকনৰ ৰাজনৈতিক, সামাজিক, সাহিত্যিক জীৱনৰ ওপৰত আলোকপাত কৰাৰ লগতে ধুবুৰী জিলাৰ সৈতে থকা দেশভক্ত তৰুণৰাম ফুকনৰ সম্পৰ্কৰ বিষয়েও বহলাই ব্যাখ্যা কৰে৷ সভাত ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস মুখ্য অতিথি হিচাপে আৰু জিলা কোষাগাৰ বিষয়া ধীৰেন্দ্ৰ কলিতা, আবকাৰী অধীক্ষক অনন্ত কলিতা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷ সভাত মুক্তিযুঁজাৰু আব্দুৰ ৰছিদ আল ফাৰুকৰ নাতি তথা সমাজকৰ্মী আব্দুল নাছেৰ আল ফাৰুক উপস্থিত থাকি ভাষণ দিয়ে৷ ধুবুৰীৰ বিভিন্ন ক্ষেত্ৰৰ কেবাগৰাকী বিশিষ্ট ব্যক্তি, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া, সাংবাদিকসহ প্ৰায় ৫০জন লোক উপস্থিত থকা সভাখনৰ আৰম্ভণিতে মিজোৰাম সীমাত প্ৰাণ হেৰুওৱা অসম আৰক্ষীৰ ছয়জন বীৰ জোৱানৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনোৱা হয়৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…