“তৰুণ ৰাম ফুকন আছিল অসমত স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী তথা বুনিয়াদ গঢ়োতা। বিৰল প্ৰতিভাধৰ এই ব্যক্তি গৰাকীৰ দেশৰ প্ৰতি থকা প্ৰেম আৰু ভক্তি অতুলনীয়।” আজি বৰপেটাৰ তৰুণ ৰাম ফুকন প্ৰেক্ষাগৃহত বৰপেটা জিলা প্ৰশাসনৰ সৌজন্যত জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আয়োজিত “দেশ ভক্তি দিৱস” অনুষ্ঠানৰ উদ্ধোধন কৰি দিয়া ভাষণত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এই দৰে কয়। তেওঁ কয় যে, এনে এগৰাকী মহান ব্যক্তিক স্মৰণ কৰাটো আৰু তেওঁৰ আদৰ্শৰ চৰ্চা কৰাটো আমাৰ নৈতিক কৰ্তব্য। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত সভাখনত আমন্ত্ৰিত মুখ্য বক্তা হিচাপে ভাষণ দিয়ে যশস্বী সাহিত্যিক, শিক্ষাবিদ অক্ষয় কুমাৰ মিশ্ৰই। তৰুণ ৰাম ফুকনৰ জীৱন আৰু ব্যক্তিত্বৰ বিভিন্ন দিশৰ সুন্দৰ ব্যাখ্যা দাঙি ধৰি তেওঁ কয় যে এসময়ত ৰাষ্ট্ৰীয় স্তৰত অসম বুলিলেই তৰুণ ৰাম ফুকনকে মানুহে জানিছিল। তেওঁ কয়, একেধাৰে সু-সাহিত্যিক, চিকাৰী, সু-বক্তা হিচাপে পৰিচিত তৰুণ ৰাম ফুকন আছিল সাহসী অসমীয়াৰ সাহসী প্ৰতিনিধি। ইয়াৰ পূৰ্বে দিয়া আদৰণি ভাষণত জিলা জনসংযোগ বিষয়া শৰ্মাই তৰুণ ৰাম ফুকনৰ সৈতে বৰপেটা জিলাৰ সম্পৰ্কৰ ঐতিহাসিক দিশটোৰ বিষয়ে ভালেমান তথ্য সদৰি কৰে। দেশভক্ত তৰুণৰাম ফুকনৰ ৮২ সংখ্যক স্মৃতি দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতে জিলা উপায়ুক্ত ভূচালে ফুকনৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে। বৰপেটাৰ তৰুণ ৰাম ফুকন স্মৃতি ভৱন ৰঙ্গমঞ্চৰ সহযোগত আয়োজিত অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ ব্ৰজেন্দ্ৰ কুমাৰ দাস, অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাস আৰু লখিমী দত্ত প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলো উপস্থিত থাকে। সম্পূৰ্ণ কো’ভিড নীতি-নিয়মৰ মাজেৰে আয়োজিত সভাখনত বহু সংখ্যক লোক উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…
- ৮৯ সংখ্যক জন্মদিনত অৱসৰী অধ্যাপক, কথাশিল্পী তথা লেখক ঘন হাজৰিকাক সম্বৰ্দ্ধনা…
- কেতিয়া আৰু কিমান সময় ৰ’দত থাকিলে লাভ কৰিব ভিটামিন ডি…
- আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস নাই বাবেই ৰাহুলে বাছি লৈছে ৰায়বৰেলী সমষ্টি, মোদীৰ কটাক্ষ…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…
- বয়সৰ পাৰ্থক্য ১৩ঃ টিভি উদ্যোগৰ জনপ্ৰিয় অভিনেতা কুশাল টণ্ডন আৰু অভিনেত্ৰী শিৱাংগী যোশীৰ এংগেজমেণ্টৰ প্ৰস্তুতি…