গোলাঘাট জিলা প্ৰশাসনৰ সৌজন্যত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত স্বাধীনতা সংগ্ৰামী, দেশভক্ত তৰুণৰাম ফুকনৰ ৮২ সংখ্যক মৃত্যু দিৱস আজি *দেশভক্তি দিৱস* হিচাপে পালন কৰা হয় । ক’ভিড-19ৰ নীতি-নিৰ্দেশনাসমূহৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপিয়াকৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা পুষ্পাঞ্জলি অৰ্পণ কৰাৰ ব্যৱস্থা কৰা হয় । জিলা উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই বন্তি প্ৰজ্জ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে । ইয়াৰ পাছতেই উপায়ুক্তগৰাকীৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত ধীৰাজ দাস, জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰী, অতিৰিক্ত উপায়ুক্ত শ্ৰীযুত কুলদ্বীপ হাজৰিকা আৰু জিলা প্ৰশাসনৰ বিষয়াবৰ্গ তথা জিলা তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত পুষ্পার্ঘ নিবেদন কৰে । অনুষ্ঠানত দিয়া ভাষণত জিলা উপায়ুক্তগৰাকীয়ে কয় যে দেশসেৱাৰ মানসেৰে দেশভক্ত তৰুণৰাম ফুকনে কৰা ত্যাগ আৰু আদৰ্শক আজিৰ প্ৰজন্মই অনুধাৱন কৰিব পৰিলেহে এই দিৱস পালন সাৰ্থক হ’ব । তেওঁ কয় যে দেশভক্ত তৰুণৰাম ফুকন কেৱল এগৰাকী স্বাধীনতা সংগ্ৰামী নাছিল, বৰং দেশৰ যুৱ প্ৰজন্মক স্বদেশ প্ৰেমৰ ধাৰণাৰে উদ্বুদ্ধ কৰাত তেওঁ অন্যতম গুৰুদায়িত্ব বহন কৰিছিল । তেখেতৰ মৃত্যু দিৱসটিক দেশভক্তি দিৱস হিচাপে পালন কৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা এই সিদ্ধান্তক তেওঁ আদৰণি জনায় । অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ জাতীয় সংগীত আৰু অনুষ্ঠানৰ শেষত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয় । ইয়াৰ পাছতেই জিলাখনৰ ছ’চিয়েলিষ্ট পথাৰৰ মুক্তিযুঁজাৰু শ্ৰীযুত পোনাৰাম চুতীয়া আৰু বাৰিচোৱা হাবিচুকীয়া গাঁওনিৱাসী শ্ৰীযুত পূৰ্ণকান্ত ফুকনৰ বাসগৃহত উপস্থিত হৈ গোলাঘাট জিলাৰ উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া শ্ৰীযুতা পম্পী দেৱীয়ে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে একোখন সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা আৰু একোটা গছপুলিৰে সম্ভাষণ জনায় । দেৰগাঁৱৰ আফুৱা গাঁৱৰ মুক্তিযুঁজাৰু শ্ৰীযুত গণেশ হাজৰিকাক দেৰগাঁৱৰ ৰাজহ চক্ৰ বিষয়া শ্ৰীযুত চিৰঞ্জিত দাস আৰু কমাৰবন্ধাৰ বকটিয়াল গাঁওনিবাসী মুক্তিযুঁজাৰু শ্ৰীযুত তোলন তামুলীক গোলাঘাটৰ ৰাজহ চক্ৰ বিষয়া শ্ৰীযুত গোপাল শৰ্মাই তেওঁলোকৰ বাসগৃহলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰে । জিলা বন বিষয়াৰ কাৰ্য্যালয়ৰ পৰা আটাইকেইজন মুক্তিযুঁজাৰুলৈ একোটা গছপুলি আগবঢ়োৱা হয় ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…