ওদালগুৰি জিলাৰ চাহ জনগোষ্ঠী আদিবাসী অধ্যুষিত অঞ্চল যিবোৰ আওঁহতীয়া গাঁও বস্তি ডাইনী বিভিন্ন অন্ধ বিশ্বাসেৰে ভাৰাক্ৰান্ত তেনে কিছু গাঁও চিনাকি কৰি সেইবোৰত সজাগতা সভা অব্যাহত ৰাখিছে ওদালগুৰি জিলা চাহ জনগোষ্ঠী সাহিত্য সভাই । ইয়াৰে অংশ হিচাপে মাজবাট ধনশ্ৰী চাহ বাগিছাৰ ননকে মনাই প্ৰাথমিক বিদ্যালয়ত ২৭ জুলাইত ডাইনী কৰোণা আৰু স্বাস্থ্য সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত হয় । ওদালগুৰি জিলাৰ চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি ৰাম কৰণ গৌড়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য বাখ্যা কৰে জিলা সম্পাদক হেমন্ত কুমাৰ মাহাতোৱে ।কভিড প্ৰটকল মানি আয়োজন কৰা সভাখনত ডাইনী , অন্ধবিশ্বাস ,শিক্ষা দীক্ষাত কেনেদৰে আগবাঢ়ি যাব পাৰি আদি বিষয়ত বিস্তৃত ভাবে আলোকপাত কৰে শিক্ষক অৰুণ প্ৰধানে । শিক্ষক বিহুৰাম চাওঁতাল, সুকমল কচলা ,ননকে মনাই প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিকোলাছ খৰায়েও এই বিষয়ত বক্তব্য আগবঢ়াই । জিলা সম্পাদক হেমন্ত মহাতোৱে গৰ্ভৱতী মাতৃ সকলৰ খোৱা খাদ্য, শিশুৰ পৰিচর্চা বিষয় বুজাই কয় । লগতে সকলো উপস্থিত গাঁওবাসীক ক’ৰোণা সংক্ৰান্তত সজাগতা অনাৰ লগতে ভেকচিন লবলৈ আহ্বান জনায় । লগতে মাস্ক,চেনিটাইজৰ আদি বিতৰণ কৰা ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপিএম পঙ্কজ সভাপণ্ডিতলৈ কৃতজ্ঞতা জ্ঞাপন কৰি শলাগ লয় । সভাৰ সামৰণিত সভাপতি গৰাকীয়ে মহিলা সবলীকৰণৰ বিশেষ ভূমিকা পালন কৰা মহিলা আত্ম সহায়ক গোট গঠন , পৰিচালনা,আৰ্থিক ভাৱে স্বাৱলম্বী হবলৈ তামোল পান ,নাৰিকল তথা মূল্যবান গছ গছনি ৰোপণ কৰিবলৈ আহ্বান জনায় । সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিশেষ ভাবে সহায় কৰা ৰঞ্জীত গোড়ক ধন্যবাদ জ্ঞাপন কৰে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…