মুখ্যমন্ত্ৰী হোৱাৰে পৰাই হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন বিভাগত হৈ থকা দুৰ্নীতি-ভ্ৰষ্টাচাৰ, ড্ৰাগছ,হত্যা-ধৰ্ষণ আদিৰ বিৰুদ্ধে পূৰ্বতকৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে । ঠিক সেইদৰে অসমৰ শক্তি মন্ত্ৰী বিমল বৰাই শক্তি বিভাগটোক অধিক শক্তিশালী আৰু দুৰ্নীতি মুক্ত কৰি তুলিবলৈ বিভাগটোৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰ আদি কঠোৰ হাতেৰে দমন কৰিবলৈ চেষ্টা কৰা দেখা গৈছে।
মন্ত্ৰী বিমল বৰাই বিল নিদিয়া গ্ৰাহকৰ ইতিমধ্যেই বিদ্যুৎ সংযোগ বিচিন্ন কৰাৰ লগতে গ্ৰাহক জন চৰকাৰী চাকৰিয়াল হলে মাহিলী দৰমহা বন্ধ কৰা পৰ্য্যন্ত নিৰ্দেশ জাৰি কৰিছে । আনহাতে যিবোৰ গ্ৰাহকে বিদ্যুৎ চুৰি কৰি চলি আছিল সেইসকলৰ বিৰুদ্ধে বিভাগটোক বিহিত ব্যৱস্থা লবলৈ নিৰ্দেশ জাৰি কৰিছে । এই নিৰ্দেশৰ পিছতে অসমৰ শক্তি বিভাগত কিছু পৰিবৰ্তনো হোৱা দেখিবলৈ পোৱা গৈছিল । কিন্তু আচৰ্য্যকৰভাৱে ৰঙিয়া বিদ্যুৎ উপ সংমণ্ডল-১ নং কাৰ্যালয়ত সংঘটিত হৈ আহিছে ভয়ঙ্কৰ দুৰ্নতি। সামন্তৰালভাবে চলিছে দুৰ্নীতিৰ বৃহৎ বজাৰ । নতুন বিদ্যুৎ গ্ৰাহক সকলক বিদ্যুৎ সংযোগ আৰু টেষ্ট ৰিপৰ্ট দিয়াৰ নামত সুবল সুত্ৰধৰ নামৰ ব্যক্তি এগৰাকী আৰু এই বিভাগটোৰে দুজন অস্থায়ী কৰ্মচাৰীয়ে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত বিদ্যুৎ সংযোগ দিয়াৰ অভিযোগ উত্থাপন হৈছে। সুবল সুত্ৰধৰে কাৰ্যালয়তোৰ ওচৰতে নাম মাত্ৰ M/s Sus Electricals নামৰ দোকান এখন দি দিনৰ দিনটো দোকানৰ পৰিৱৰ্তে ৰঙিয়া বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ৰ ভিতৰত সোমায় থাকি বিষয়াৰ অনুমতি অবিহনে বা বিষয়াৰ অনুপস্থিতিত কাৰ্যালয়ৰ ফাইলবোৰ ইফালৰ পৰা সিফাল কৰা আৰু গুৰুত্বপূৰ্ণ নথি-পত্ৰসমূহ অনবৰতে চাই থকা দেখা যায়। কাৰ্যালয়ত নতুনকৈ অহা গ্ৰাহক বোৰক তেওঁ কাৰ্যালয়টোৰে এজন কৰ্মচাৰী বুলি নিজকে পৰিচয় দিয়ে বুলিও অভিযোগ উত্থাপন হয় । কাৰ্যালয়টোৰ ভিতৰতে সুবল সুত্ৰধৰে M/s Sus Electrical ৰ নামত গ্ৰাহক সকলক টেষ্ট ৰিপৰ্ট দিয়াৰ নামত দুই হাজাৰ টকা আৰু কোনোবা নতুন গ্ৰাহকে নতুনকৈ বিদ্যুৎ সংযোগ কৰিব বিচাৰিলে ১৫,০০০/- ( পোন্ধৰ হাজাৰ ) টকা উৎকোচ লৈ অহা বুলি অভিযোগ উত্থাপন হৈছে । সুবল সুত্ৰধৰে বিচৰা ধন দিলে গ্ৰাহক এজনে কাৰ্যালয়ত নোযোৱাকৈয়ে বিদ্যুৎ সংযোগ লাভ কৰিব বুলি প্ৰলোভন দিয়া ইতিমধ্যে বিদ্যুৎ সংযোগ দিয়াৰ নামত ৰঙিয়াৰ বহু গ্ৰাহকৰ পৰা লাখ লাখ টকা সৰকাইছে বুলি লিখিত অভিযোগ আহিছে । জানিব পৰা মতে বিভাগটোৰ অজ্ঞাতে তেওঁ নিজাববীয়াকৈ মিটাৰ পৰ্য্যন্ত যোগান ধৰে বুলিও অভিযোগ আছে । ইতিমধ্যে বিদ্যুৎ বিভাগে ৰঙিয়া চহৰত এক তদন্ত কৰি পৰীক্ষা কৰাত সমিৰ দাস , মনোৰঞ্জন দাস, হামিদ আলি, জামাল হুছেইন, আইকন নেচাকে ধৰি বহুকেইজন গ্ৰাহকৰ ঘৰ আৰু দোকনৰ পৰা বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত পঞ্জীয়ন নোহোৱা হেতুকে তেওঁলোকৰ মিটাৰসমূহ জব্দ কৰি বিদ্যুৎ সংযোগ কাটি দিয়ে । ইয়াৰে সমিৰ দাসৰ পৰা ২৫০৪৮/- টকা, মনোৰঞ্জন দাসৰ পৰা ১০৪৪০/- টকা, হামিদ আলিৰ পৰা ১৩৬০৮/- টকা, জামল হুছেইনৰ পৰা ২৫০৪৮/- আৰু আইকন নেচাক বিদ্যুৎ বিভাগে ১৩৬০৮/- টকা জৰিমনা বিহে। ভুক্ত ভুগি গ্ৰাহক সকলে উল্লেখ কৰে যে এই কাৰ্যালয়টোৰে অস্থায়ী কৰ্মচাৰী এজনে বৃহৎ পৰিমানৰ ধনৰ বিনিময়ত মিটাৰ দি বিদ্যুৎ সংযোগ প্ৰদান কৰিছিল। গ্ৰাহক কেইজনে তেওক বিদ্যুৎ সংযোগৰ বাবে প্ৰয়োজনীয় নথী-পত্ৰ জমা দিছিল যদিও কৰ্মচাৰী জনে জমা নকৰাৰ ফলত কাৰ্যালয়ত কোনো তথ্যই নাই।
ইতিমধ্যে এই সংক্ৰান্তত গ্ৰাহক ম: ৰফুল আলীয়ে সুবল সুত্ৰধৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি
ৰঙিয়া বিদ্যুৎ উপ সংমণ্ডল-১ কাৰ্যালয়ৰ উপ সংমণ্ডল অভিযন্তা হেমেন মেধীৰ হাতত এখন অভিযোগ পত্ৰ দাখিল কৰে । ৰঙিয়া চহৰৰ মাজ মজিয়াত থকা কৰ্যালয়টোৰ পৰা এই চক্ৰটোৱে কেনেকৈ কৰ্যালয়টোত পঞ্জীয়ন নকৰাকৈয়ে গ্ৰাহকক মিটাৰ দিবলৈ আৰু বিদ্যুৎ সংযোগ দিবলৈ সক্ষম হয় সেইটো এতিয়া ডাঙৰ প্ৰশ্ন ? নে এই দুৰ্নীতিৰ লগত বিভাগটোৰে কোনোবা বিষয়া-কৰ্মচাৰী জড়িত আছে সেয়াও নুই কৰিব নোৱাৰি। এই কাৰ্যালয়টো নিকা কৰাৰ ক্ষেত্ৰত শক্তি মন্ত্ৰী বিমল বৰা আৰু বিভাগটোৰ উচ্চপদষ্ট বিষয়া সকলে কি পদক্ষেপ লয় সেয়া সময়ত লক্ষণীয় হʼব ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শ্ৰীমন্ত শংকৰ একাডেমীৰ স্কুল বাছত ভয়ংকৰ বিসংগতি ! জিলা পৰিবহণ বিষয়াই জব্দ কৰিলে ১০খনকৈ বাছ…
- ২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন ! পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ…
- দুশ বছৰীয়া পুৰণি মুগাৰ সাঁজ, হাতত গামখাৰু, গামোচা; খোপাত কপৌফুল গুজি ৰেড কাৰ্পেটত অভিনেত্ৰী আইমী বৰুৱা…
- কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ ! আৰক্ষীৰ অভিযানৰ ফটোৰে কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ…
- গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তক নলাত জাবৰ পেলোৱাত বাধা দিয়াৰ বাবেই আক্ৰমণ…
- ভগৱান শ্ৰীকৃষ্ণৰ পৰা জীৱন যাপনৰ কিছু কলা শিকি লওক, প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিব সফলতা…
- সাৱধান! খালী পেটেৰে দিনটোলৈ ঘৰৰ পৰা বাহিৰলৈ যায় নেকি? সোনকালে হ’ব পাৰে ৰুগীয়া…
- জেআাইচি ইন্টাৰনেচলেন মেঘা ইভেন মহিলা সমিতিৰ কাপোৰৰ মেলা অনুষ্ঠিত…
- অনুৰাগী অবাকঃ ভঙা হাতেৰে কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ ঐশ্বৰ্য ৰায় বচ্চনৰ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক গৌতম দাস…