যিটো সময়ত এটা চৰকাৰী চাকৰিৰ বাবে ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলে হাহাঁকাৰ কৰি থকাৰ সময়তে নগাঁও জিলাৰ পশ্চিমাঞ্চল ভালুকমাৰীৰ এগৰাকী উদ্যমী উচ্চ শিক্ষিতা মহিলাই চৰকাৰী চাকৰিৰ আশা বাদ দি নিজকে কেনেদৰে স্বাৱলম্বী হ’ব পাৰি তাৰে এক অপূৰ্ব নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ মহিলা গৰাকীৰ ঘৰ হৈছে নগাঁৱৰ ভালুকমাৰী গাৱঁত ৷ ভালুকমাৰী গাৱঁৰ নুমল হাজৰিকাৰ উচ্চ শিক্ষিতা কমোৰ্দমী পত্নী মালতী হাজৰীকাই জীৱিকাৰ বাবে গ্ৰহণ কৰিছে সুন্দৰ এক প্ৰশংসনীয় পদক্ষেপ ৷ সমগ্ৰ ৰাজ্যতে ক’ভিড মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰি বহু পৰিয়ালক আৰ্থিকভাৱে কোঙা কৰি তোলাৰ সময়তে এই মহিলা গৰাকীয়ে দেখুওৱা নিদৰ্শন এক চৰ্চাৰ বিষয় হৈ পৰিছে ৷ জীৱিকাৰ বাবে ক’ভিডসৃষ্ট পৰিবেশে আৰ্থিকভাৱে জুৰুলা কৰাৰ সময়ত ব্যৱসায়ৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনাৰ সময়তে ভালুকমাৰীৰ এই মহিলা গৰাকীয়ে সাহসেৰে নামি পৰিছে জীৱন সংগ্ৰামত ৷ স্বামী নুমল হাজৰিকা আৰু কঁহিগুৰি হাইস্কুলত সপ্তমমান শ্ৰেণীত অধ্যয়ণত একমাত্ৰ পুত্ৰ দেৱজিৎ হাজৰিকাৰে বৰ্তমান এখন সুখৰ সংসাৰৰ দায়িত্ব বহন কৰি আহিছে মালতী হাজৰিকাই ৷ ক’ভিড সৃষ্ট পৰিবেশে প্ৰায় সকলোকে প্ৰায় জুৰুলা কৰি যোৱাৰ পাছত শেহতীয়াকৈ ক’ভিডৰ আতংক কিছু পৰিমাণে হ্ৰাস পোৱাৰ সময়তে নিজৰ সম্পূৰ্ণ আত্মবিশ্বাসৰে ভালুকমাৰী নিৱাসী মালতী হাজৰীকা নামৰ মহিলাগৰাকীয়ে “মা” নামেৰে এখন ৰেষ্টুৰেন্ট খুলি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে । নগাঁও – মৰিগাঁও সংযোগী ৰাজ্যিক পথৰ কঁহিগুৰিত পথৰ দাঁতিতে এই ৰেষ্টুৰাখন অৱস্থিত ৷ পথৰ কাষৰ এটা বৃহৎ আকাৰ পুখুৰীৰ ওপৰত প্ৰায় পাঁচ মাহ পূৰ্বতে স্থাপন বাহঁ আৰু কাঠেৰে নিৰ্মাণ কৰা হৈছিল এই ৰেষ্টুৰাখন ৷ ক’ভিডসৃষ্ট পৰিবেশৰ বাবে বন্ধ থকা ৰেষ্টুৰাখন পুনৰ আৰম্ভ কৰা হৈছে শেহতীয়াকৈ ৷ প্ৰায় ৭ বিঘা মাটিৰে জোৰা এটা বৃহৎ পুখুৰীৰ মাজত আটক ধুনীয়াকৈ এক দৃষ্টি নন্দন পৰিবেশৰে বাঁহ কাঠৰ সহায়ত সজাই তোলা হৈছে ৰেষ্টুৰেণ্ট খন । এই ৰেষ্টুৰেণ্ট খনতে আগ্ৰহী তথা চৌখিন অতিথি সকলৰ বাবে আছে আধুনিক নৌকা বিহাৰ আৰু বৰশী বোৱাৰ সু- ব্যৱস্থাও ৷

এক মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ ৰেস্তোৰা খনত এতিয়া দুৰদুৰনিৰ পৰা বহু লোকৰ আগমন ঘটিছে ৷ উজনি-নামনিৰ অহা যোৱা কৰা প্ৰায় সকল আৰোহীয়েই মালতীৰ এই ৰেষ্টুৰেণ্টত ক্ষন্তেক হলেও জিৰণি লৈ একাপ চাহ-কফিৰ লগতে অন্যান্য থলুৱা খাদ্য সামগ্ৰীৰ সুৱাদ লৈ যায় অসংখ্য লোকে ৷ কেৱল ইমানেই নহয় বৃহৎ পুখুৰীটোত চলিছে মাছ পালন, হাঁহ-কুকুৰাও পালন কৰে মালতী হাজৰীকাই আৰু তাৰ জৰিয়তে মহিলাগৰাকীয়ে নিজৰ লগতে স্থানীয় আন পাঁচ-ছয় জন লোককো সংস্থাপন দিবলৈ সক্ষম হৈছে ৷ বৰ্তমানলৈকে সকলো খৰছ নিজাকৈ কৰা অসমীয়া এই গৰাকী বোৱাৰী বহু মহিলাৰ বাবে এতিয়া হৈ পৰিছে অনান্য আদৰ্শ ৷ নিজৰ উদ্যম আৰু আত্মবিশ্বাসৰেও যে এটা সৰু ব্যৱসায় আৰম্ভ কৰি বহু নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ বাট দেখুওৱা এই মহিলা গৰাকীয়ে আজিলৈকে পোৱা নাই কোনো চৰকাৰী সুবিধা ৷ গাঠীৰ ধন ভাঙি স্বনিৰ্ভৰশীল হব বিচৰা মহিলা গৰাকীক চৰকাৰে কিছু পৰিমাণে অৰ্থ সাহায্য আগবঢ়ালে নিশ্চয় মহিলা গৰাকীয়ে নিজৰ ব্যৱসায়ত কিছু পৰিমাণে হলেও সকাহ হল হেতেঁন ৷ এইক্ষেত্ৰত
সচেতন মহলে মালতীৰ লগতে এনে উদ্যমী মহিলা সকলক আৰ্থিক সকাহ দিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে ৷

