অত্যৱশ্যকীয় সামগ্ৰী তথা পেট্ৰʼলজাত সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত মাৰুতি গাড়ী ,বাইক ঠেলি ৰঙিয়াৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে ।ৰঙিয়া আঞ্চলিক ছাত্ৰসন্থাৰ সদস্য সকলে প্ৰধানমন্ত্ৰীৰ “পেট্ৰʼল কি দাম কম হুৱে কি নেহি হুৱে” ভাষণক উপলুঙা কৰি মাইক বজাই ব্যতিক্ৰমী চিন্তাৰে সাব্যস্ত কৰে এই প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বাধা প্ৰদান কৰে । ইয়াকেলৈ ৰঙিয়া আৰক্ষীৰ লগত তীব্ৰ বাক বিতণ্ডা হয় আছু কৰ্মীৰ । প্ৰায় ১०० জন আছু কৰ্মীক আটক কৰি ৰঙিয়া থানালৈ লৈ আনি পৰৱৰ্তী পৰ্যায়ত মুকলি কৰি দিয়ে। এই ঘটনাৰ পিছতে ৰঙিয়া চহৰত তীব্ৰ যানজটৰ সৃষ্টি হয়।

