ক’ভিডত মৃত্যু হোৱা এছ বি আইৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালকলৈ ১০ লাখ টকাৰ চেক প্ৰদান

মহামাৰী ক’ভিড ১৯ ত আক্রান্ত হৈ যোৱা ২১ মে’ত মৃত্যুবৰণ কৰা ভাৰতীয় ষ্টেট বেঙ্ক সৰুপথাৰ শাখাৰ অধীনস্ত উৰিয়ামঘাট গ্ৰাহক সেৱা কেন্দ্রৰ KIOSK Operator দিপাংকৰ কোঁৱৰৰ পৰিয়ালক ২৭ জুলাই তাৰিখে ভাৰতীয় ষ্টেট বেংকৰ কল্যাণমুখি আঁচনিৰ অধিনত দহ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হয়।২৭ জুলাইত অনুষ্ঠিত এক সভাত KISOK Operator দিপাংকৰ কোঁৱৰৰ পত্নী দিপা কোঁৱৰক ভাৰতীয় ষ্টেট বেংক উত্তৰ পূৱ মণ্ডলৰ মুখ্য মহা প্ৰৱন্ধক ৰমেশ আৰ এছ য়ে চেক খন প্রদান কৰে।উক্ত সভাত উপস্থিত আছিল ভাৰতীয় ষ্টেট বেংক ৰ প্ৰশাসনিক কাৰ্যালয় যোৰহাটৰ উপ মহা প্ৰৱন্ধক শ্ৰী মতি অজন্তা হাজৰিকা। এছ বি আই সৰুপথাৰ শখাৰ মুখ্য প্ৰৱন্ধক অশোক চক্ৰৱৰ্তী।আৰু শিৱসাগৰ শাখাৰ সহকাৰী মহা প্ৰৱন্ধক প্ৰভাত ৰাজবংশী উপস্থিত থাকে।

Related Articles