কোচ ৰাজবংশী ছাত্র সন্থাৰ ৩১তম প্ৰতিষ্ঠা দিৱস উদযাপন

আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ(আক্ৰাছু)ৰ আজি ৩১তম কেন্দ্রীয় প্ৰতিষ্ঠা দিৱস।বহলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত উদযাপন কৰিলে এই দিৱস।  এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বহলপুৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্র সন্থাই বহলপুৰৰ দুৰ্গা মন্দিৰ প্ৰাংগনত সম্পূর্ণ ক’ভিড প্ৰটকল মানি উদযাপন কৰিলে এই প্ৰতিষ্ঠা দিবস।

প্ৰতিষ্ঠা দিৱস উপলক্ষে পূৱা পতাকা উত্তোলন, শ্বহীদ বেদীত মাল্যাৰ্পণ আৰু অনুষ্ঠপিয়াকৈ এখন সভা অনুষ্ঠিত কৰে।*    *সাংবাদিকৰ আগত কমতাপুৰ ৰাজ্যৰ পুনৰ্গঠন,জনজাতিকৰণ আৰু কে, এ, চিৰ শপথ গ্রহণ অনুষ্ঠান অতিশীঘ্রই অনুষ্ঠিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় আক্ৰাছুৰ বহলপুৰ আঞ্চলিকৰ সভাপতি পুলকেশ ৰায়চৌধুৰীয়ে।

Related Articles