সৰ্ব ভাৰতীয় পৰ্যায়ত সৰ্ব্বোচ্চ স্থান প্ৰাপ্ত শিক্ষাৰ্থীক বিশ্বনাথ জিলা প্ৰশাসনৰ সম্বৰ্ধনা জ্ঞাপন

সদ্য ঘোষিত ফলাফল ইণ্ডিয়ান চাৰ্টিফিকেট অৱ ছেকণ্ডেৰী এডুকেচন (আই চি এছ ই) দ্বাৰা অনুষ্ঠিত দ্বাদশ শ্ৰেণীৰ আই এছ চি পৰীক্ষাত কলা (হিউমেনিটী) শাখাত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হোৱা অস্মিতা কাকতিক বিশ্বনাথ জিলা প্ৰশাসনৰ তৰফৰ পৰা বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয় । জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) ডঃ সূৰ্য কমল বৰা আৰু সহকাৰী আয়ুক্ত ডঃ ভূপালী কাশ্যপে বৰগাং চাহ বাগিচাৰ মুখ্য প্ৰবন্ধক জ্যোতিৰ্ময় কাকতি আৰু নৱনীতা কাকতিৰ সন্তান অস্মিতা কাকতিৰ গৃহলৈ গৈ  ফুলাম গামোছা আৰু এখনি শৰাইৰে মেধাবী ছাত্ৰী গৰাকীক সম্বৰ্ধনা জনায় । বিষয়াদ্বয়ে ছাত্ৰী গৰাকীৰ সুভৱিষ্যৎ কামনা কৰে আৰু অনাগত দিনবোৰত এগৰাকী সুনাগৰিক হৈ আমাৰ ৰাজ্যখনৰ নাম উজলাই তুলিব বুলি আশা প্ৰকাশ কৰে । উল্লেখযোগ্য যে বালিপাৰাৰ অসম ভেলী স্কুলৰ পৰা অস্মিতাই উল্লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈ ৯৯.৭৫ শতাংশ নম্বৰ লাভ কৰি সমগ্ৰ ৰাজ্যখনৰ লগতে বিশ্বনাথ জিলালৈয়ো গৌৰৱ কঢ়িয়াই আনিছিল ।

Related Articles