ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ।২৯ জুলাইত ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সৌজন্যত মাজবাটত অনুষ্ঠিত হোবা এই প্ৰতিষ্ঠা দিৱসত আক্ৰাছু পতাকা উত্তোলন কৰে সভাপতি আনন্দ শইকীয়াই। শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সম্পাদক মিঠুন বৰুৱাই। ক’ভিডৰ সম্পূৰ্ণ নীতি নিয়ম মানি অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসত সভাপতি শইকীয়াই আক্ৰাছুৰ লক্ষ্য উদ্দেশ্য আৰু কোচ ৰাজবংশী সকলৰ দীৰ্ঘদিনীয়া জনজাতি কৰনৰ দাবীৰ লগতে কমতাপুৰ পুনৰ উদ্ধাৰ সম্পৰ্কত চমু ভাষন আগবঢ়াই ।আনহাতে মিজো দুৰ্বৃত্তৰ লগতে মিজোৰাম আৰক্ষীৰ গুলীত নিহত হোৱা অসমৰ ছয়জন কৈ যোৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে মিজো আৰক্ষীৰ এনে বৰ্বৰ আক্ৰমক কাপুৰুষৰ আখ্যা দি অসমআৰু মিজোৰামৰ সীমা বিবাদ অতি শীঘ্ৰে সমাধান কৰিবলৈ দাবী জনাইছে ওদালগুৰি জিলা আক্ৰাছুৱে ।

