যমুনামুখৰ সমস্যা সন্দৰ্ভত দুই মন্ত্ৰীৰ সৈতে আলোচনা বিধায়ক ছিৰাজুদ্দিন আজমলৰ

এআইইউডিএফৰ কাৰ্যকৰী সভাপতি তথা যমুনামুখ সমষ্টিৰ বিধায়ক ছিৰাজুদ্দিন আজমলে ২৯ জুলাইত অসম চৰকাৰৰ দুগৰাকী মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় ৷ বৈঠকত ৰাজ্যৰ লগতে যমুনামুখ সমষ্টিৰ কেবাটাও জলন্ত সমস্যা মন্ত্ৰীদ্বয়ৰ সন্মুখত দাঙি ধৰে ৷ সিদিনা প্ৰথমে বিধায়ক ছিৰাজুদ্দিন আজমলে অসমৰ জল সম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী পীযুষ হাজৰিকাৰ সৈতে সাক্ষাত কৰে ৷ সাক্ষাৎকালত বিধায়ক গৰাকীয়ে যমুনামুখ সমষ্টিৰ টোপগাঁও, ডবকা চহৰত যমুনা নদীৰ ভয়ংকৰ গৰাখহনীয়াৰ বিষয়ে অৱগত কৰে ৷ নিখাৰিমুখ, চাংমাজি, দেৱস্থান বজাৰ, ৪৮ নং ব্লক আদি অঞ্চলত নৈৰ খহনীয়া সম্পৰ্কে মন্ত্ৰী গৰাকীৰ সৈতে আলোচনা কৰে ৷ মন্ত্রী পীযুষ হাজৰিকাই সংশ্লিষ্ট বিভাগৰ বিষয়াক প্রয়োজনীয় পদক্ষেপ লবলৈ নির্দেশ দিয়া বুলি বিধায়ক আজমলে অৱগত কৰে ৷ পৰৱৰ্তী সময়ত বিধায়ক ছিৰাজুদ্দিন আজমলে সমষ্টিৰ বহু কেইগৰাকী সমাজকৰ্মী আৰু শিক্ষাবিদক লগত লৈ দিছপুৰৰ মন্ত্ৰী আবাসত গৈ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ সৈতে সাক্ষাত কৰি সমষ্টিৰ শিক্ষা ব্যবস্থাৰ লগতে অন্যান্য বিষয়ৰ ওপৰত আলোচনা কৰে ৷ মন্ত্ৰী গৰাকীয়ে ছিৰাজুদ্দিন আজমলৰ লগতে অন্যন্য প্ৰতিনিধিসকলৰ কথা গুৰুত্ব সহকাৰে শুনি পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷ যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমলক অসমৰ শিক্ষা ব্যৱস্থা উন্নয়নৰ আশ্বাস দিয়ে মন্ত্ৰী ৰণোজ পেগুৱে ৷ উল্লেখ্য যে, যোৱা ২৭ জুলাইত যমুনামুখৰ বিধায়ক গৰাকীয়ে অন্যান্য বিৰোধী বিধায়কসকলক লগত লৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ সৈতে এক বৈঠকত মিলিত হয় ৷ 

Related Articles