বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চিৰিত পিক পেলাই বিপদত পৰিছে বৰপেটাৰে এজন ঠিকাদাৰ। আজি আবেলি কাৰ্যালয়টোৰ বাওহাতে প্ৰথম মহলালৈ উঠি যোৱা খটখটিৰ কোনত কোনোৱাই তামোলৰ পিক পেলাই লেতেৰা কৰা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ দৃষ্টি গোচৰ হয়। লগে লগে তেওঁ বিষয়টো গুৰুত্ব সহকাৰে লৈ এই বিষয়ে অনুসন্ধান আৰম্ভ কৰে। পিছত কাৰ্যালয়ত স্থাপন কৰা চি চি টি ভি ফুটেজ পৰীক্ষা কৰি গম পোৱা যায় যে এই কাম ৰাজু দেউৰী নামৰ এজন ঠিকাদাৰে কৰিছে। সেই অনুসৰি উক্ত ব্যক্তি জনক কাৰ্যালয়লৈ মতাই আনি উপায়ুক্তই তেওঁক তৎক্ষণাত ঠাইখিনি পৰিস্কাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। নিৰুপায় হৈ নিজৰ ভুল স্বীকাৰ কৰি তথাকথিত ভদ্ৰলোক জনে নিজে পানীৰে ধুই পৰিস্কাৰ কৰিবলৈ বাধ্য হয়। এই ঘটনাই উপায়ুক্তৰ কাৰ্যালয়ত সন্ধিয়া আমোদজনক পৰিস্থিতিৰ সৃষ্টি কৰে যদিও উপায়ুক্তৰ এনে দৃঢ় স্থিতিৰ সকলোৱে শলাগ লৈছে। ভৱিষ্যতে তেনে কাম কৰিবলৈ যিকোনো লোকে কুন্ঠাবোধ কৰিব বুলি আশা কৰা হৈছে।

