শিক্ষাক বাদ দি সমাজৰ অন্য একো কামে চিন্তা কৰিব নোৱাৰি । বিগত বহু বছৰ ধৰি শিক্ষাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ বাবে আজি বডোলেণ্ড অঞ্চলত শিক্ষাৰ দিশটো জৰাজীৰ্ণ ৰূপ লৈছে । সেয়েহে আমি শিক্ষাৰ ক্ষেত্ৰত নতুন-পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব । এই ভাষ্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ । তামুলপুৰ ঐতিহ্যমণ্ডিত মাজদিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত বিজ্ঞানাগাৰ আৰু কম্পিউটাৰ গৃহ উদ্বোধন কৰি বৃহস্পতিবাৰে বড়োৱে এই মন্তব্য আগবঢ়ায় । বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে পুনৰ কয় যে উচ্চতম ন্যয়ালয়ৰ সন্মতি লাভ কৰাৰ পিছতে বিটিআৰৰ বিদ্যালয়সমূহত খালী হৈ থকা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব । ইয়াৰ সমান্তৰালভাৱে অহা ডিচেম্বৰ মাহৰ ভিতৰত বিটিআৰৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলিও তেওঁ সদৰী কৰে । মাজদিয়া উচ্চ মাধ্যমিক বিদ্যালয়খন পৰিদৰ্শন কৰি বিদ্যালয়খনৰ আন্ত:গাঁঠনি উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি তাৎক্ষণিকভাৱে বিদ্যালয়খনৰ আন্ত:গাঠনিৰ কাম কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে । তেওঁ পুনৰ কয় বিটিআৰৰ বিভিন্ন স্তৰৰ বিদ্যালয়সমূহৰ শৈক্ষিক পৰিৱেশ ঘুৰাই আনিবলৈ আমি অহৰহ চেষ্টা অৱ্যাহত ৰাখিছোঁ । বিদ্যালয়খনৰ সহকাৰী শিক্ষক তীৰ্থ ৰঞ্জন মহন্তই আঁঁত ধৰা উদ্বোধনী সভাখনত বিদ্যালয়খনৰ জ্বলন্ত সমস্যা ৰাজিৰ বিষয়ে অৱগত কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক সুনন্দ কলিতাই । ইয়াৰ পিছতে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিদ্যালয়খনৰ আন্তঃ গাঠনিৰ সমস্যা সমূহ তাৎক্ষণিকভাৱে সমাধান কৰা হ’ব বুলি আশ্বাস দিয়ে । কোভিড প্ৰটকল মানি আয়োজন কৰা সভাখনত বাক্সা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ভৱেন দেউৰীয়ে সাম্প্ৰতিক সময়ৰ পৰিস্থিতি আৰু শিক্ষা ব্যৱস্থাৰ ওপৰত ভাষণ প্ৰদান কৰে । মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সতে বিদ্যালয়খনত উপস্থিত থাকে তামুলপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া অৰুঞ্জয় খুঙগুৰ ব্ৰহ্ম , বিটিআৰৰ এমচিএলএ দিলীপ বড়ো , মাজদিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক চবিন চন্দ্ৰ মহন্ত, অৱসৰপ্ৰাপ্ত শিক্ষক পৰশু ৰাম দাস, শিক্ষা বিভাগৰ সহকাৰী বিষয়া প্ৰণৱ কলিতা , মহেন্দ্ৰ বড়ো, চিআৰচিচি বুবুল পাঠককে ধৰি ভালেকেইগৰাকী শিক্ষাৰ সতে জড়িত বিষয়া কৰ্মচাৰী , স্থানীয় ৰাইজ আৰু বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকল ।

