পি ভি সিন্ধুৱে পোনপটীয়া খেলত জাপানৰ আকানে য়ামাগুচিক পৰাস্ত কৰি মহিলাৰ ব্যক্তিগত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত নিজৰ স্থান অৰ্জন কৰে। খেলখন এক ঘণ্টাৰ পৰা ৪ মিনিট কম সময় চলিছিল, সিন্ধুৱে নিজৰ মনোবল বজাই ৰাখি প্ৰথম খন খেল২১-১৩ ত জিকিছিল। দ্বিতীয় খন খেলত য়ামাগুচিৰ পৰা কঠিন যুঁজ পাইছিল কিন্তু সিন্ধু আগবাঢ়ি গৈ আছিল আৰু খেলখন ২২-২০ ত জিকিছিল, এনেদৰে মেচখন জিকিছিল। এইটোৱে টকিঅ’ অলিম্পিকত সিন্ধুৰ একেৰাহে ৪ৰ্থ পোনপটীয়া খেলৰ বিজয় চিহ্নিত কৰে। সিন্ধুৱে প্ৰতিযোগিতাখনত এটাও খেল হেৰুৱানাই।৩১ জুলাইত ছেমি ফাইনেলত পি ভি সিন্ধুৱে বিশ্বৰ ৬ নং টাইৱানৰ টাই জু য়িং ৰ মুখামুখি হ’ব।

