এইবাৰ অসমৰ ভূমিত অৰুণাচলৰ আগ্ৰাসন

অসম- মিজোৰামৰ সীমা বিবাদৰ ফলত সংঘটিত হোৱা ঘটনাই সমগ্র অসমতেই জোকাৰণিৰ সৃষ্টি কৰাৰ সময়তেই অন্য এক আগ্ৰাসনৰ তথ্য পোহৰলৈ আহিছে।এই বহিঃ আগ্ৰাসনৰ ঘটনা পোহৰলৈ আহিছে তিনিচুকীয়া জিলাৰ লেখাপানীৰ অসম-অৰুণাচল সীমান্তবৰ্তি অঞ্চল সঞ্জু গাঁৱত। এসময়ত অসমৰ ৰাজহ গাওঁ হিচাপে পৰিচিত এই সঞ্জু গাওঁ খনত আছিল এখন চৰকাৰী বিদ্যালয়। গাওঁ খনত বসবাস কৰা লোকসকলে অতীতৰে পৰাই অসমত অনুষ্ঠিত কৰা বিভিন্ন নিৰ্বাচন সমূহত ভোট দান  কৰি আহিছিল।কিন্তু পৰৱৰ্তী সময়ত দেখা গল যে এই সীমামুৰীয়া গাওঁ খনৰ লোক সকলে নিজকে অৰুণাচলৰ বাসিন্দা বুলিহে কৈ গৌৰৱ অনুভৱ কৰে। ইয়াৰ অন্তৰালত আছে অসম চৰকাৰে গাওঁ খনৰ প্ৰতি কৰি অহা চৰম প্ৰতাৰণা। অসম চৰকাৰৰ একাংশ বিষয়া কৰ্মচাৰীৰ সীমান্ত অঞ্চলসমূহত গৈ সীমামূৰীয়া লোক সকলৰ অভাৱ অভিযোগ তথা সমস্যা সমূহ হৃদয়ংগম কৰি সেই সমস্যা সমূহ সমাধান কৰিবলৈ চেষ্টা নকৰাৰ মানসিকতাই এনে ধৰণৰ সমস্যা সমূহৰ সৃষ্টি কৰিছে বুলি অভিযোগ উত্থাপন হৈছে।এই ক্ষেত্ৰত কিন্তু জন প্ৰতিনিধি কিম্বা বিভাগীয় মন্ত্ৰী জনো সমানে জগৰীয়া বুলি অভিযোগ উঠিছে।কেতিয়াও বিদ্যুৎ সংযোগ, চিকিৎসা সেৱা, সুগম বাট-পথৰ সুবিৱস্থা কৰি দিব নোৱাৰা অসম চৰকাৰে গাওঁ খনত থকা একমাত্ৰ অসমৰ পৰিচয় বহন কৰা চৰকাৰী বিদ্যালয় খনো তাৰ পৰা আঁতৰাই নিলে। স্বাভাৱিকতেই অসম চৰকাৰৰ এনে কৰ্ম কাণ্ডই গাওঁ খনৰ ৰাইজৰ মনত আঘাট দিলে আৰু এই আঘাটৰ বেদনাত তেখেত সকলে দিন অতিবাহিত কৰি আহিছে।

পৰৱৰ্তী সময়ত অৰুণাচলৰ গাতে লাগি থকা গাঁও খনৰ লোক সকলৰ দুৰ্বলতাৰ সুযোগ বুজি গাওঁ খনত অৰুণাচল চৰকাৰে সকলো ধৰণৰ সুবিধা প্ৰদান কৰি অহাৰ লগতে বৰ্তমান  অসমৰ ভূমি বেদখল কৰি নিজৰ সীমা নিৰ্ধাৰন কৰাৰ চেষ্টাত ব্যস্ত হৈ পৰা দেখা গৈছে। ইতিমধ্যেই অৰুণাচল চৰকাৰে ইয়াৰ সুযোগ বুজি সঞ্জু গাঁৱৰ মাজেৰে অসমৰ মাটিত প্রায় দহ কিলোমিটাৰ পথ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। কেৱল পথেই নহয় কেইবাখনো সৰু-দলং নিৰ্মাণকে ধৰি অৰুণাচল দিশৰ পৰা পথৰ দূৰত্ব নিৰূপণ কৰা মাইল খুটা পৰ্যন্ত পুতি সুগম কৰি তুলিছে। যত অৰুনাচলৰ  মানমৌৰ পৰা সঞ্জুৱাৰালৈ সৰু বৰ সকলো যানবাহন চলাচল আৰম্ভ হৈছে। 

ইমানেই নহয় অৰুনাচলে  সঞ্জুৱাৰা গাঁৱৰ পৰা লেখাপানী সংৰক্ষিত বনাঞ্চলৰ মাজেৰে  টিপংৰ দিশে নিৰ্মান কৰি ওলিয়াইছে প্ৰায় তিনি কিলোমিটাৰ পথ। এই পথছোৱাতো ইতিমধ্যে অৰুনাচলে শিলগুটি পেলাই গাড়ী মটৰ চলাচল কৰিব পৰাকৈ সুচল কৰি তুলিছে। জানিব পৰামতে  বিষয়টোৰ সন্দৰ্ভত বন বিভাগে অসম চৰকাৰক অৱগত কৰিছে যদিও অসম চৰকাৰ তথা প্ৰশাসনে বিষয়টোক লৈ বিশেষ তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হোৱা নাই। পাৰিবনে অসম চৰকাৰ তথা প্ৰশাসনে অৰুণাচলৰ এই আগ্ৰাসন ৰোধ কৰিবলৈ? নে অসম-মিজোৰামৰ দৰে এক অনাকাংক্ষিত ঘটনাৰ দিশে বিষয়টোৱে গতি কৰিব সেয়াহে লক্ষণীয় বিষয় হিচাপে পৰিগণিত হব।

Related Articles