লাইলাপুৰত নিহত আৰক্ষীলৈ শ্ৰদ্ধাঞ্জলি

অসম – মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজোৰাম দখলদাৰী বাহিনীৰ আক্ৰমণত নিহত ছয় আৰক্ষী জোৱানৰ প্ৰতি শ্ৰদ্ধা জনাই আজি ধমধমা আঞ্চলিক গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ধমধমাত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ৷ আজি সন্ধিয়া ধমধমা ফাৰ্ষ্ট গেটত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে নিহত আৰক্ষী জোৱানকেইজনৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয় ৷ ধমধমা আঞ্চলিক গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সম্পাদক আলতাব আলীয়ে আঁত ধৰা অনুষ্ঠানটোত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কৰ্মকৰ্তাৰ লগতে ধমধমা অঞ্চলৰ কেইবাটাও অনুষ্ঠানৰ প্ৰতিনিধি উপস্থিত থাকি নিহত আৰক্ষীসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে ৷

Related Articles