দেশৰ এটি আগশাৰীৰ সাৰ্বজনীন বেংক বন্ধন বেংকে আজি ২০২১-২২ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ বিত্তীয় ফলাফল ঘোষণা কৰিছে। প্ৰত্যাহ্বানজনক অৰ্থনৈতিক পৰিস্থিতিৰ মাজতেও বেংকে ব্যৱসায়ৰ বিকাশৰ ধাৰা অব্যাহত ৰাখিছে।
যোৱা আৰ্থিক বছৰৰ তুলনাত বেংকৰ মুঠ ব্যৱসায় (জমা আৰু অগ্ৰিম ) ১৭ শতাংশ বৃদ্ধি হৈ ৩০ জুন, ২০২১ তাৰিখে ১.৫৭ লাখ কোটি টকাত উপনীত হৈছে। দেশ জুৰি বেংকে ইয়াৰ ষষ্ঠ বৰ্ষৰ কাৰ্যকালত, ৫৫৭৪ টা বেংকিং আউটলেট আৰু শাখাৰ জৰিয়তে ২.৩৫ কোটি গ্ৰাহকক সেৱা আগবঢ়াই আহিছে ৷ এতিয়ালৈকে বন্ধন বেংকত কাম কৰা মুঠ কৰ্মচাৰীৰ সংখ্যা হৈছে ৫১০৫৪ জন ।
চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত, বেংকৰ জমা বহী আগৰ বছৰৰ একে তিনিমাহৰ তুলনাত ২৮% বৃদ্ধি হৈছে। বৰ্তমান মুঠ জমাৰ পৰিমাণ ৭৭,৩৩৬ কোটি টকা।যোৱা বিত্তীয় বৰ্ষৰ তুলনাত কাৰেন্ট একাউণ্ট আৰু সঞ্চয় একাউণ্ট (চিএএছএ) ৪৮ শতাংশ বৃদ্ধি হৈছে, আৰু সামগ্ৰিক জমা বহীৰ মাজত এতিয়া (CASA) ৰ অনুপাত হ’ল ৪৩ শতাংশ। এই সময়ছোৱাত, বেংকৰ খুচুৰা জমা বহী যথেষ্ট বৃদ্ধি পাইছে, যোৱা বিত্তীয় বৰ্ষৰ তুলনাত সেইটো ৩৬ শতাংশ বৃদ্ধি হৈ ৪৭,০৮৫ কোটি টকা হৈছে। মুঠ জমাৰ মাজত খুচুৰা ব্যৱসায়ৰ অংশ এতিয়া ৮৩ শতাংশ ৷
বন্ধন বেংকৰ ঋণৰ খাতাতো অগ্ৰগতি হৈছে ৷যোৱা বছৰৰ প্ৰথম ত্ৰৈমাসিকৰ প্ৰদত্ত ঋণৰ তুলনাত চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত প্ৰদত্ত ঋণৰ পৰিমাণ ৮% বৃদ্ধি পাইছে । মুঠ প্ৰদত্ত ঋণৰ পৰিমাণ এতিয়া ৮০,১২৮ কোটি টকা। মূলধন পৰ্যাপ্ততা অনুপাত (চিএআৰ), বেংকৰ স্থিৰতাৰ এক ইঙ্গিত, বন্ধন বেংকৰ চি এ আৰ এতিয়া ২৪.৮ শতাংশ ৷ যিটো প্ৰয়োজনীয় মাত্ৰাৰ তুলনাত যথেষ্ট বেছি।
বিকাশৰ পৰৱৰ্তী অংশ হিচাবে বন্ধন বেংকে সকলো ভাৰতীয়ৰ বিভিন্ন ক্ষেত্ৰত বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা এটি প্ৰতিষ্ঠান হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে , যিবোৰ সামগ্ৰী আৰু সেৱা তেওঁলোকৰ বাবে আৱশ্যক, যিবোৰ তেওঁলোকৰ বাবে আধাৰিত আৰু লেনদেনৰ কোনটো মাধ্যমক তেওঁলোকে অগ্ৰাধিকাৰ দিয়ে – শাৰীৰিক অথবা ডিজিটেল ৷
বেংকে এই পৰিৱৰ্তনত যথেষ্ট পৰিমাণে বিনিয়োগ কৰি আছে, যাৰ লাভালাভ অনাগত বছৰবোৰত দেখা পোৱা যাব । বেংক এছএমই ঋণ, সোণ ঋণ, ব্যক্তিগত ঋণ আৰু অট ঋণৰ দৰে ক্ষেত্ৰত ইয়াৰ সামগ্ৰীৰ পৰ্টফলিঅ’ বৃদ্ধি কৰি আছে।সমগ্ৰ দেশৰ অধিক ভাৰতীয়লৈ বিশ্বমানৰ বেংকিং সেৱা অনাৰ বাবে পূব আৰু উত্তৰ-পূবৰ বাহিৰৰ অঞ্চলবোৰত শাখা নেটৱৰ্ক সম্প্ৰসাৰিত কৰা হৈছে। বেংকে এটা উন্নত প্ৰযুক্তিৰ আন্তঃগাঁথনিও ৰূপায়ণ কৰি আছে, যিয়ে গ্ৰাহকসকলক নিৰৱচ্ছিন্ন আৰু সুৰক্ষিত বেংকিং সেৱা উপভোগ কৰাত সহায় কৰিব।
বন্ধন বেংকৰ আৰ্থিক ফলাফল সন্দৰ্ভত এম ডি আৰু মুখ্য কাৰ্যবাহী বিষয়া চন্দ্ৰ শেখৰ ঘোষে কয়, “চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিক ত বন্ধন বেংকৰ ব্যৱসায় বৃদ্ধি আমাৰ সন্মানীয় গ্ৰাহক সকলে আমাৰ ওপৰত ৰখা নিৰন্তৰ বিশ্বাসৰ বাবে সম্ভৱ হৈছে। আমি আমাৰ গ্ৰাহকসকলক তেওঁলোকৰ নিৰন্তৰ সমৰ্থন আৰু সহযোগিতাৰ বাবে ধন্যবাদ জনাইছোঁ, মই ভাবোঁ আমাৰ গ্ৰাহক সকলৰ তেওঁলোকৰ সমৰ্থনৰ বাবে ও তেওঁলোকৰ সহায়ৰ বাবে বন্ধন বেংক লাখ লাখ ভাৰতীয়ৰ বাবে এক পছন্দৰ বেংকিং অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰাত সহায় কৰি তুলিব ”।

