সমগ্ৰ অসমৰ লগতে বঙাইগাঁও জিলাতো আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিলাষী আঁচনি জল জীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱাপানী যোগানৰ শুভাৰম্ভ কৰা হয়।জিলাখনৰ তিনিওটা বিধানসভা সমষ্টিতে আজি স্থানীয় বিধায়কে জল জীৱন মিছনৰ অধীনত গৃহ সংযোগেৰে বিশুদ্ধ খোৱাপানী যোগানৰ শুভাৰম্ভ কৰে। জিলাখনৰ আটুগাঁও গাঁও পঞ্চায়তৰ মামুগাঁৱত জল জীৱন মিছনৰ বিশুদ্ধ খোৱাপানী ঘৰে ঘৰে দিয়া আঁচনি মুকলি কৰে বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে। এই আঁচনিখনৰ জৰিয়তে বঙাইগাঁও বিধান সভা সমষ্টিৰ মুঠ ১,৩৩১ টা পৰিয়ালত গৃহ সংযোগৰ যোগেদি বিশুদ্ধ খোৱা পানী যোগান ধৰা হ’ব ৷ শুভ উদ্বোধন অনুষ্ঠানত জিলাৰ অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা আদি উপস্থিত থাকে ৷ জিলাখনত শনিবাৰে মুঠ ১০,১২২ টা পৰিয়ালত গৃহ সংযোগৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগান ব্যৱস্থাৰ শুভাৰম্ভ কৰা হয়। প্ৰতিঘৰ লোকৰ দুৱাৰডলিত বিশুদ্ধ খোৱাপানী যোগান ধৰাটোৱে আঁচনিখনৰ উদ্দেশ্য । উল্লেখ্য যে জিলাখনৰ মুঠ ৩২,০০০ টা( বত্ৰিছ হেজাৰ) পৰিয়ালত গৃহ সংযোগৰ জৰিয়তে খোৱাপানীৰ যোগান ধৰা হ’ব। কাৰণ পুৰণি পানী যোগান আঁচনিয়েই যথেষ্ট নহয়।

আনহাতে জিলাখনত পুনৰ ১৭৪ টা নতুন আঁচনিৰ প্ৰস্তাৱ দিয়া হৈছে। পঞ্চায়তৰ লগ হৈ খোৱাপানী ব্যৱহাৰকাৰী লোকসকলে আগলৈ এই আঁচনিখন চলাই নিব লগিব। ইপিনে অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ( অনু:জাতি) বিধায়ক প্ৰদীপ সৰকাৰে উত্তৰ শালমাৰা গাঁও পঞ্চায়তৰ অধীনত বাখলগাঁৱত জল জীৱন মিছনৰ খোৱাপানীৰ আঁচনি মুকলি কৰে ৷ বিধান সভা সমষ্টিটোৰ মুঠ ৬,৫৮৯ টা পৰিয়াললৈ গৃহ সংযোগ ব্যৱস্থাৰ জৰিয়তে বিশুদ্ধ খোৱা পানী যোগান ধৰা হ’ব ৷ বিধায়ক সৰকাৰে আঁচনিখন শুভ উদ্বোধন কৰি কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা এই জল জীৱন মিছন আঁচনি ৰূপায়ণ কৰা হৈছে । অসম চৰকাৰে জলজীৱন মিছন আঁচনিখন মুকলি কৰাৰ বাবে আজিৰ দিনটো ধাৰ্য কৰিছে আৰু সেই অনুসৰি জিলাখনটো আঁচনিখন মুকলি কৰা হৈছে ৷ বিধায়কগৰাকীয়ে লগতে কয় যে আমাৰ সমাজৰ সকলো লোকে জল জীৱন মিছন চলাব লাগিব। আমি এবেলা এমুঠি নাখায়ো চলিব পাৰো, কিন্তু বিশুদ্ধ খোৱাপানী অবিহনে আমি চলিব নোৱাৰো। অভয়াপুৰীত বহু গাঁও পঞ্চায়তত বিশুদ্ধ খোৱা পানীৰ অভাৱ। বৰিং কৰিলে বহু তললৈ বৰিং কৰিব লাগে। কিন্তু জল জীৱন মিছনত ধনী-দুখীয়া বুলি কোনো কথা নাই। আমাৰ প্ৰত্যেকৰে খোৱা পানীৰ অসুবিধা আছে। গতিকে প্ৰতিখন গাঁও পঞ্চায়ততে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা দৰকাৰ। আগন্তুক দিনত ৰাইজৰ সুবিধাৰ বাবে ব্যৱস্থা লোৱা হ’ব। এইক্ষেত্ৰত মহকুমাধিপতি আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰো দায়িত্ব আছে। স্থানীয় ৰাইজে এই আঁচনি নিজৰ আঁচনি বুলি ভাৱি ভালদৰে যেন ব্যৱহাৰ কৰে বুলিও কয় বিধায়কগৰাকীয়ে। উত্তৰ শালমাৰা গাঁও পঞ্চায়তৰ অধীনৰ আঁচনি মুকলি অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা শান্তনু সূত্ৰধৰ,জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাদিৰা জেচমিন, উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পাৰ্থ সাৰথি জহৰী আৰু পঞ্চায়তখনৰ সভানেত্ৰী আৰু বিভাগটোৰ আন বিষয়া কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। আনহাতে অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল বাতেন খন্দকাৰে চক্ৰভূম গাঁও পঞ্চায়তত জল জীৱন মিছনৰ অধীনত বিধান সভা সমষ্টিটোৰ ২,২০২ টা পৰিয়াললৈ গৃহ সংযোগ ব্যৱস্থাৰ যোগেদি বিশুদ্ধ খোৱাপানী যোগানৰ শুভ উদ্বোধন কৰে ৷

