কাকডোঙাসমগ্ৰ বিশ্বজুৰি ক’ৰ’ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত সমগ্ৰ বিশ্বৰ আন আন প্ৰান্তৰ লগতে অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰো শিক্ষা জীৱনত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। যদিও অনলাইন পাঠদানৰ ব্যৱস্থা কৰা হৈছে, ইয়াৰ জৰিয়তে সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পৰা নাই। কাৰণ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এনড্ৰইড ফোন ক্ৰয় কৰাটো সম্ভৱ নহয়। এনে জটিল সময়ত শিক্ষাৰ পৰা বঞ্চিত হোৱা ছাত্ৰ-ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি কাকডোঙা আঞ্চলিক ছাত্ৰ সন্থাই ২৮ এপ্ৰিলৰ পৰা জ্ঞান আলোড়ন নামাৰে ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীক সাঙুৰী সৰু সৰু গোটৰ সমষ্টি কৰি কাকডোঙাৰ প্ৰতিখন গাঁৱতে এই কাৰ্যসূচী আৰম্ভ কৰিছে। কাকডোঙা আঞ্চলিক ছাত্ৰ সন্থাৰ লক্ষ্য এই লকডাউনৰ সময়ছোৱাত যাতে ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যায়তনিক দিশটোৰ অভ্যাসটো যাতে হেৰাই নাযায় আৰু কাকডোঙা অঞ্চলৰ কৃৰ্তি ছাত্ৰ-ছাত্ৰীসকলে প্ৰজ্ঞাৰ সাধনাৰে অসমৰ বিভিন্ন স্থানৰ পৰা বুটলি অনা জ্ঞানৰ মৌ মুকুটাসমূহ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলক বিলাবলৈ সক্ষম হয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই জ্ঞান আলোড়ন কাৰ্যসূচী আৰম্ভ কৰা হয়৷ কাকডোঙা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাৰ্গৱ শইকীয়াই এই কথা জানিবলৈ দিয়াৰ লগতে এই ক্ষেত্ৰত সহায় কৰা শিক্ষাগুৰু আৰু শিক্ষিত যুৱ সমাজক ধন্যবাদ জনাইছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- EDৰ অভিযানঃ নিৰ্বাচনৰ মাজতে ঝাৰখণ্ডৰ মন্ত্ৰীৰ চাৰ্ভেণ্টৰ ঘৰত টকাৰ পাহাৰ…
- অযোধ্যাৰ ৰাম মন্দিৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূজা-অৰ্চনা…
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…