পানেৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত খালীংদুৱাৰ মণ্ডল বিজেপিৰ অন্তৰ্গত গাওঁ সমূহত পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নিৰ্দেশ মৰ্মে ওদালগুৰি ব্লকৰ পৰা ৪০ বান টিন আৰু ৬০ টা চিলাই মেচিন বিতৰণ কৰে। খালীংদুৱাৰ মণ্ডল বিজেপিৰ অন্তৰ্গত মেধিপাৰা, দক্ষিণ জংগলপাৰা, বতাবাৰী, ছাটিয়াপাৰা সহ কেইবাখনো গাঁৱত আৰ্থিক ভাৱে জুৰুলা বহুকেইটা পৰিয়ালক খালীংদুৱাৰ মণ্ডল বিজেপিৰ কৰ্মকৰ্তা সকলে বৃহস্পতিবাৰে ঘৰে ঘৰে গৈ টিন পাত আৰু চিলাই মেচিন সমূহ বিতৰণ কৰে। আৰ্থিকভাৱে জুৰুলা পৰিয়াল সমূহে চিলাই মেচিন আৰু টিন পাত লাভ কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে পানেৰী সমষ্টিৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক ধন্যবাদ জ্ঞাপন কৰে। আৰ্থিক অনাটনৰ বাবে বহু পৰিয়ালে ঘৰ মেৰামতি কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত টিন পাত আৰু চিলাই মেচিন বিতৰণ কৰাৰ বাবে সমষ্টিবাসীয়ে বিধায়ক গৰাকীৰ লগতে দলৰ কৰ্মকৰ্তা সকলক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।

