ঢেকীয়াখোৱা বৰ নামঘৰত মহাপুৰুষ মাধাৱদেৱৰ তিৰোভাৱ তিথি উদযাপন

মহাপুৰুষ মাধৱদেৱৰ ৪২৫ সংখ্যক তিৰোভাৱ তিথি ক’ভিডৰ নীতি নিয়মৰ মাজেৰে যোৰহাট জিলাৰ পূব প্ৰান্তত মহাপুৰুষজনাই নিজ হাতে প্ৰতিষ্ঠা কৰা টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনাঘৰতো সমগ্ৰ ৰাজ্যৰ লগতে উদযাপন কৰা হৈছে তিৰোভাৱ তিথি।কভিডৰ আতংকৰ মাজতে পূৰ্বৰ দৰে উলহ মালহেৰে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উদযাপন কৰিবলৈ পৰা নাই যদিও আধ্যাত্মিকতা ৰক্ষা কৰি চৰকাৰে বান্ধি দিয়া কভিডৰ নীতি নিয়ম অৱলম্বন কৰি পুৱাই নাম প্ৰসংগ,দিহানামেৰে আৰম্ভ কৰিছে দিনযোৰা কাৰ্যসূচীৰ।ইপিনে অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকলেও নিজ নিজ মনকামনা পূৰণৰ অৰ্থে এগছি বন্তি,শৰাই,নৈবদ্য আগবঢ়াই নেদেখাজনৰ চৰণত সেৱা লৈছে।

Related Articles