চাহ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া ছয় দফীয়া দাবী পূৰণৰ বাবে আটছাই ৰাজ্যৰ প্ৰত্যেক জিলাৰ পৰা মূখ্য মন্ত্ৰীলৈ চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সামাধানৰ দাবী জনাই স্মাৰক পত্ৰ প্ৰেৰণ কাৰ্যসূচী হাতত লোৱাৰ লগতে বিশ্বনাথ জিলাৰ আন আন শাখা আটছাৰ দৰে নদুৱাৰ শাখাইয়ো যোৱা কালি জিলা উপায়ুক্তৰ জৰিয়তে মূখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। নদুৱাৰ শাখা আটছাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁতী আৰু সম্পাদক গ্ৰীনন্দৰ কুৰ্মী স্বাক্ষৰীত চাহ জনগোষ্ঠীক জনজাতিকৰণ,চাহ শ্ৰমিক সকলৰ মজুৰি বৃদ্ধি,ভূমি পট্টা প্ৰদান,শিক্ষিত যুৱক যুৱতীৰ সংস্থাপন,চাহ অধ্যুষিত অঞ্চলৰ বিদ্যালয় সমূহ চৰকাৰীকৰণ আৰু ক্ষুদ্ৰ চাহ বাগিছাৰ শ্ৰমিক সকলৰ মজুৰি অসম চাহ কোম্পানীৰ বাগিচা সমূহৰ সম পৰিমানে প্ৰদান;এই মুঠ ছয় দাবী শীঘ্ৰে ৰূপায়নৰ দাবীৰে মূখ্য মন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে নদুৱাৰ শাখা আটছাই। উল্লেখ্য যে বিগত সময়ত চৰকাৰে চাহ বাগিচাৰ শ্ৰমিক সকলৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ তুলিছে সংগঠনটোৱে । অনাগত দিনত সমস্যা সমূহ সমাধান নকৰিলে সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। উক্ত দিনাই জিলাখনৰ চাৰিটাকৈ শাখাই স্মাৰক পত্ৰ প্ৰদান কৰা কাৰ্যসূচীত উপস্থিত থকা জিলা সভাপতি ধীৰাজ তাঁতীয়ে কয় যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ লগতে অসমৰ অৰ্থনীতিৰ বুনিয়াদ গঠন কৰা বৃহত্তৰ চাহ জনগোষ্ঠী সমাজখনৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ বৰ্তমানেও এক দাবী হৈয়ে থাকি যোৱাটো সমগ্ৰ জাতিটোৰ বাবে এক দুৰ্ভাগ্যজনক বিষয় বুলি মন্তব্য কৰে। সম্প্ৰতিক ৰাজ্যত ক’ভিড পৰিস্থিতিৰ কিছু শিথিলতাৰ ওপৰত লক্ষ্য ৰাখি কেন্দ্ৰীয় আটছাই দিয়া নিৰ্দেশ অনুসৰি চাহ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া ছয় দফীয়া দাবী পূৰণৰ বাবে আটছাৰ জিলা,শাখাই এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব দিয়ে বিশ্বনাথ জিলা আটছাৰ উপ-সভাপতি বাবুল গোৱালা,শিক্ষা ও সাহিত্য সম্পাদক অবিনাশ ৰাজৱাৰৰ লগতে সহকাৰী সম্পাদক বিমল দ্বীপে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…
- চতুৰ্থ ফেডাৰেচন কাপ ৰোল বল চেম্পিয়নশ্বিপৰ বাবে পুৰুষ –মহিলাৰ ৰাজ্যিক দল ঘোষণা…
- কোকৰাঝাৰত কোনে মাৰিব শেষ হাঁহি ! বিশাল নিৰ্বাচনী সভাৰ সলনি ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে নিৰ্দলীয় জোন দাসে…
- প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন…
- অসমীয়া অভিধান ‘হেমকোষ’ ৰ প্ৰণেতা, আধুনিক অসমীয়া গদ্যৰ বাটকটীয়া, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস পালন…
- অসম সন্তান প্ৰসেনজিৎ শৰ্মাৰ অভিনৱ উদ্ভাৱন ! কৃষিখণ্ডত বিপ্লৱৰ লক্ষ্যৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ নিৰ্মাণ , দেশৰ ১২টা ৰাজ্যিক ভাষাত উপলব্ধ এই এপ…
- জীতেন কোঁৱৰলৈ” শ্ৰমিক প্ৰাণ ২০২৪” বঁটা প্ৰদান উদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থাৰ অসমৰ…
- যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল কৰ্ণাটক ! নিলম্বিত কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাক…