তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভাৰ শামুকজান গাওঁ পঞ্চায়তৰ অন্তৰ্গত দুই নং মুলাং গাওঁবাসীয়ে জৰাৰ্জীণ বাট-পথৰ বাবে স্বাধীনতা লাভৰ অত বছৰৰ পিছতো যমৰ যাতনা ভুঞ্জিব লগা হৈছে। স্বাধীনতা লাভৰ ৭৫ বছৰৰ পিছতো গাওঁখনত যাতায়তৰ বাবে নাই কোনো সুচল পথ। বুঢ়ীদিহিং আৰু মানমৌ জান নদীয়ে আগুৰি থকা গাওঁখনত পকী পথটো দুৰৰে কথা গাওঁখনৰ মূল পথটোতে আজিলৈকে এচপৰা শিলগুটিও নপৰিল বুলি ৰাইজে জানিবলৈ দিছে। গাওঁখন সৰ্ব দিশতে শোষিত অৱহেলিত হৈ আহিছে। গাওঁখনৰ লোকসকলে কাষতে লাগি থকা কেটেতং গাওঁ পঞ্চায়তৰ অধীনস্থ বজাৰ , স্কুল আদিলৈ আহিব লগা হোৱাৰ ওপৰিও চিকিৎসা আদি বাবেও বাৱে কেটেতঙলৈ আহিব লগা হয়| কিন্তু মুলাং -কেটেতং সংযোগি পথটো অৱস্থাও অতি পুতৌলগা। নেদেখিলে বিশ্বাস নহব যে স্বাধীনতা ৭৫ বছৰৰ পাছতো এনে এখন গাওঁ থাকিব পাৰে। যিখন গাঁৱৰ ৰাইজে পকী বাট-পথৰ কথাটো বাদেও শিল গুটি পৰা পথ এটা পাৱলৈও আজিলৈকে সক্ষম হোৱা নাই।বিগত কংগ্ৰেছ চৰকাৰে গাওঁখনৰ কোনো উন্নয়ন সাধন নকৰা পৰিপ্ৰেক্ষিতত তথা বিজেপিৰ পৰিৱৰ্তনৰ শ্লোগানৰ প্ৰতি ভূলগৈ বিজেপিৰ দলৰ সপক্ষে ভোটদান কৰিছিল। অঞ্চল বাসীয়ে বহু আশা কৰিছিল যে কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শোষণ আৰু বঞ্চনাৰ পৰা মুক্ত হ ব। বিজেপিৰ নেতৃত্বাধীন চৰকাৰে গ্ৰাম্য অঞ্চলসমূহলৈ আমূল পৰিৱৰ্তন আনিব। কিন্তু সকলোবোৰ ফুটুকাৰ ফেন হৈ পৰিল। বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে পাঁচটা বছৰ অতিক্ৰম কৰি দ্বিতীয়টো কাৰ্যকালৰ বাবে শাসনৰ ভাৰ গ্ৰহণ কৰিলে যদিও গাঁৱৰ সমস্যা সমাধানৰ বাবে কোনো প্ৰদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। গাওঁবাসীৰ বহু আৱেদন নিৱেদনৰ পিছতো বিভাৰ্গীয় কৰ্তৃপক্ষ কিম্বা স্থানীয় জনপ্ৰতিনিধিয়েও গাওঁবাসীৰ আৱেদনক কোনো গুৰুতৰ প্ৰদান নকৰা অভিযোগ গাওঁবাসীৰ। ফলত গাওঁবাসীয়ে এক প্ৰকাৰৰ যমৰ-যাতনা ভোগ কৰিব লগীয়া হৈছে| লিডু শামুকজান গাওঁ পঞ্চায়তৰ অন্তৰ্গত গাওঁখনে পঞ্চায়খনৰ পৰাও আজিলৈকে কোনোধৰণৰ উন্নয়ণমূলক আচনি লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি গাওঁবাসীয়ে জানিবলৈ দিছে ।গাওঁবাসী কাতৰ আহ্বান স্থানীয় বিধায়ক জনপ্ৰতিনিধি ভাস্কৰ শৰ্মালৈ অতি শীৰ্ঘ্ৰে গাওঁখনৰ মূল পথটো পকীকৰণ কৰি গাওঁবাসীয়ে দীৰ্ঘদিনে ভোগ কৰি অহা যমৰ যাতনাৰ পৰা মুক্ত কৰাৰ। গাওঁবাসীৰ এই কাতৰ আহ্বানক বিধায়ক ভাস্কৰ শৰ্মাই কেনেদৰে গুৰুত্ব প্ৰদান কৰে সেইয়া পৰৱৰ্ত্তী সময়তহে জানিব পৰা যাব।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…