মাজুলীত ভদীয়া বানে প্লাবিত কৰিলে নদী কাষৰীয়া প্ৰায় ৩০খনকৈ অধিক গাঁও

মাজুলীৰ মথাউৰীৰ বাহিৰৰ প্ৰায় ৩০ খনতকৈ অধিক গাওঁ  ভদীয়া বানত কৱলত পৰিছে।কেইবাদিনো ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাই আহিছে যাৰ পৰিপ্ৰেক্ষিতত ন ন অঞ্চল প্লাৱিত হৈছে।পূব মাজুলীৰ অন্তৰ্গত নৈপৰীয়া শালমৰাৰ প্ৰায় ৬০০ টা পৰিয়াল বানৰ কৱলত পৰাৰ লগতে বৰবোকা, অফলামুখ,দক্ষিণপাটকৈৱৰ্ত গাঁও, দক্ষিণপাট কুমাৰ গাওঁ, দক্ষিণপাট কলিতা গাঁও, পুৰণি সত্ৰ, যোগীগাঁও, মেৰাগড়,কলনিবাৰী,গ্ৰেজিং,চিনাটলি,ৰতনপুৰ,নতুন বনৰীয়া চাপৰিত ভদীয়া বানে আক্ৰান্ত কৰাৰ লগতে এই গাঁও কেইখনৰ ৰাইজৰ যাতায়ত ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে।বানাক্ৰান্তৰ মাজত খোৱা পানী, খোৱা খাদ্য সামগ্ৰী, পশুধনৰ খাদ্য সামগ্ৰী ব্যাপক ভাৱে অভাৱ হৈছে।আনহাতে চুমৈমাৰী,  পোহাৰদিয়া, খোৰাহোলা মাজগাও, আলিমূৰ, বামুণ গাওঁ, বৃহত্তৰ ভকতচাপৰি অঞ্চল,সোনাৰিবাৰী আদি গাঁও সমূহো বানত প্লাৱিত হৈছে। আঁহতগুৰি, দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়ত এলেকাৰ চাপৰি অঞ্চলৰ লগতে কৰতিপাৰ, লাছন চাপৰি আদি মঠাউৰিৰ বাহিৰত থকা গাঁওসমূহ বাঢ়নি পানীত জলমগ্ন হৈছে।

নামনি মাজুলীৰো বৃহত্তৰ অঞ্চল বানপানীৰ কৱলত পৰাৰ খবৰ আহিছে।ইফালে কমলাবাৰী পাৰঘাট অংশত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বৈ আছে।যাৰ পৰিপ্ৰেক্ষিতত আজি নিমাতী মাজুলী সংযোগী ফেৰী সেৱা বন্ধ হৈ পৰিছে। ক’ভিড সংক্ৰমন ৰোধৰ স্বাৰ্থতেই মাজুলী জিলা প্ৰশাসনে প্ৰায় তিনি মাহ ধৰি বন্ধ কৰি ৰখা নিমাতী- মাজুলী ফেৰী সেৱা আজি কেইটামান দিনৰ পূৰ্বে চলাচল কৰিছিল।ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি হোৱাত পুনৰ বন্ধ হৈ পৰে এই ফেৰী সেৱা ।ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাই থকাত মাজুলী বিভিন্ন স্থানত মথাউৰী সমূহক লৈ গঞা ৰাইজ চিন্তিত হৈ পৰিছে । কিয়নো যোৱাবছৰ বানত মাজুলীৰ বহুকেইটা মথাউৰীত পানীৰ উঁহ পৰিলক্ষিত হৈছিল আৰু এই স্পৰ্শকাতৰ মথাউৰীয়ে বিপদ ঘটাব পাৰে মাজুলীবাসীক।বানপানীত আক্ৰান্ত ৰাইজক সম্পূৰ্ণ ভাৱে ৰ সহায় কৰিবৰ বাবে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক কাকুমণি কলিতা আৰু পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি যদুমনি হাজৰিকা,সম্পাদক দীপাংকৰ ৰাজখোৱাই জিলা প্ৰশাসনক অনুৰোধ জনাইছে।এই ভদীয়া বানত মথাউৰী বাহিৰৰ কৃষকৰ বহু কৃষি ভূমি অনিষ্ট কৰিছে।

Related Articles