বিটিআৰ ওদালগুৰি জিলা কলাইগাঁও আৰক্ষীয়ে কলাইগাঁৱৰ বিভিন্ন স্থানত অভিযান চলাই বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে।ক’ৰণা মহামাৰী লক’ডাউনৰ সুযোগ লৈ কিছুমান দুষ্ট চক্ৰান্তই গাওঁ অঞ্চলত অবৈধভাৱে বিলতী সুৰাৰ বেহা চলাই আহিছে।যাৰ ফলত কলাইগাঁৱৰ এচাম যুৱকে নিছাযুক্ত বিলাতী সুৰা সেৱন কৰি ঘাই পথত উদণ্ডভাৱে বাঁহন চলোৱাৰ পৰিলক্ষিত হয়। সেয়েহে আজি কলাইগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া খৰ্গেশ্বৰ বৰদলৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কলাইগাঁও সমীপুৰ ভোলাবাৰী তিনিআলি, বনগাঁও আৰু হিৰাপাৰাৰ অঞ্চলত তালাচী অভিযান চলাই বুজন পৰিমানৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।।নৱ প্ৰজন্মক ধ্বংসৰ মুখে ঠেলি নিয়া অবৈধ সুৰা বেহাৰ বুজন পৰিমাণৰ বে আইনী বিলাতী সুৰা জব্দ কৰে যদিও বৰ্তমানলৈ কনো এজন অবৈধ সুৰা ব্যৱসায়িক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব দিয়ে।

