ৰঙিয়াস্থিত সশস্ত্ৰ সীমা বল ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ত (SSB) ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বৰ্ষ সম্পূৰ্ণ হোৱাৰ গৌৰৱময় ক্ষণক বিশেষভাবে উদযাপন কৰাৰ উদ্দেশ্যে শনিবাৰে পালন কৰা হয় ‘আজাদী কা অমৃত মহোৎসৱ’। এই উপলক্ষে গুৱাহাটী পৰা ৰাজঘাট (দিল্লী) লৈ হ’বলগীয়া চাইকেল ৰেলীত অংশগ্ৰহণ কৰা জোৱানসকলক শুভেচ্ছা প্ৰদানৰ বাবে আয়োজন কৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি তথা ৰঙিয়াৰ স্থানীয় বিধায়ক ভবেশ কলিতা। এটি গছ পুলি ৰোপণেৰে কার্যসূচীৰ শুভাৰম্ভণি কৰা হয়। এই অনুষ্ঠানত SSB ৰঙিয়াৰ ডি আই জি শ্ৰী জগদ্বীপ পাল সিং, চি.আই.এছ.এফ(CISF) ৰ ডি আই জি(DIG), বি টি আৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য শ্ৰী অৰূপ কুমাৰ দে প্ৰমুখ্যে এছ.এছ.বি উচ্চ পদস্থ বিষয় ববীয়া সকলৰ লগতে গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে। কলিতাই উদ্যোক্তা সকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ লগতে সমূহ জোৱানলৈ “আজাদী কা অমৃত মহোৎসৱ”ৰ শুভেচ্ছা জ্ঞাপন কৰে।

