নলবাৰীৰ ককয়াত কৃতী শিক্ষক তাৰিনীকান্ত বৰ্মনৰ স্মৃতিসভা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান

পশ্চিম নলবাৰী অঞ্চলৰ কৃতী শিক্ষক,প্ৰবীন নাট্যকৰ্মী, নাগাৰানামৰ পাঠক,সুবক্তা  তাৰিনীকান্ত বৰ্মনৰ পবিত্ৰ স্মৃতিত    ককয়া গাঁৱৰ কমাৰপাৰা চুবুৰীৰ বাসগৃহত ‘পদাংক’ নামৰ স্মৰনিকাখন আনুষ্ঠানিকভাবে উন্মোচন কৰা হয়।উল্লেখ্য যে,যোৱা ১৩ আগষ্টৰ দিনা ইহলীলা সম্বৰন কৰা কৃতী শিক্ষক বৰ্মনৰ স্মৃতিচাৰন কৰাৰ উদ্দেশ্যেৰে আয়োজন কৰা স্মৃতিচাৰন সভা তথা গ্ৰন্থ উন্মোচনী সভাখনত সভাপতিত্ব কৰে সাহিত্যিক পেঞ্চনাৰ তথা প্ৰবীন সাংবাদিক যাদবসেন ডেকাই।প্ৰাক্তন ছাত্ৰ নেতা অলকেশ ঠাকুৰীয়াই আঁত  ধৰা স্মৃতিচাৰন সভা তথা  গ্ৰন্থ উন্মোচনী সভাখনত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই ডঃ প্ৰতুল ডেকা আৰু দিগন্ত দাসে সম্পাদনা কৰা ‘পদাংক’ নামৰ স্মৰনিকাখন উন্মোচন কৰে।উন্মোচনীৰ ভাষনত শৰ্মাই কয় যে—মাতৃ ভাষাক চহকী কৰাত সোঁৱৰণী গ্ৰন্থৰ অৱদান আছে।এনে গ্ৰন্থৰ ঐতিহাসিক প্ৰমূল্যু অনস্বীকাৰ্য। সভাখনত গীতা,উপনিষদৰ আধ্যাত্মিক কাহিনীৰ বাখ্যা ডাঙি ধৰি শৰ্মাই আৰু কয় যে– মৃত্যু জীৱনৰ শেষ পৰিণতি নহয়।জীৱনৰ পৰিণতি কৰ্মৰ চানেকিত। ভাল মানুহৰ মৃত্যু নহয় ,তেওঁৰ খোজৰ চিন ৰৈ যায় সময়ৰ বলুকাৰাশিত। লোককলাৰ সাধক তাৰিণী কান্ত বৰ্মনৰ জীৱন এক মহাকাব্যিক যাত্ৰা বুলিও তেওঁ উল্লেখ কৰে।উক্ত অনুষ্ঠানত বক্তব্য ৰাখি সমাজকৰ্মী লক্ষী পাটোৱাৰী, হিৰন্য বৰ্মন,বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিপুল ডেকা,ভাৰপ্ৰাপ্ত অধ্যক্ষ জয়ন্ত কুমাৰ বৰ্মন,ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ সুশীল মজুমদাৰ,প্ৰশান্ত মেনা আদি বিশিষ্ট ব্যক্তি সকলে প্ৰয়াত বৰ্মনৰ স্মৃতি সোঁৱৰি বক্তব্য ৰাখে।অনুষ্ঠানত   কন্ঠ শিল্পী খনিন্দ্ৰ বৰ্মনে এটি নামঘোষা পৰিবেশন কৰি উপস্থিত সকলোৰে হৃদয় চুই নিবলৈ সক্ষম হয়।

Related Articles