সুদীৰ্ঘ দিন ধৰি অৰ্দ্ধনিৰ্মিত অৱস্থাত থকা বৰপেটা জিলাৰ গোমাফুলবাৰী আৰু গোমাৰীগুৰী আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে আজি লোক নিৰ্মাণ বিভাগৰ সংশ্লিষ্ট বিষয়া সকলক নিৰ্দেশ দিছে। আজি দেওবৰীয়া বন্ধৰ দিনটোত উক্ত বিদ্যালয় দুখনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি উপায়ুক্ত গৰাকীয়ে সকলো সমস্যাৰ বুজ লৈ বিভাগীয় বিষয়াক এই নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে, বৰপেটা জিলাত স্থাপন কৰিবলৈ লোৱা সাতখন আদৰ্শ বিদ্যালয়ৰ ভিতৰত পাঁচখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে ইয়াত পাঠদানো সূচাৰুৰূপে চলি আছে । কিন্তু ২০১৩-১৪ চনতে নিৰ্মান কাৰ্য আৰম্ভ হোৱা গোমাফুলবাৰী আৰু গোমাৰীগুৰিৰ বিদ্যালয় দুখনৰ কাম বিভিন্ন সমস্যাৰ বাবে আজিকোপতি সম্পূৰ্ণ কৰিব পৰা হোৱা নাই ৷ লোকনিৰ্মান গৃহ বিভাগৰ দ্বাৰা নিৰ্মান কাৰ্য চলি থকা প্ৰকল্পটোৰ কাম ২০১৬-১৭ ৰ পৰাই বিভিন্ন কাৰকৰ বাবে স্হগিত হৈ আছে ৷ এই বিষয়ে অৱগত হৈয়ে আজি বৰপেটা জিলা উপায়ুক্ত ভূচালে শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত তথা জিলা মিছন সমন্বয়ক লখিমী দত্ত আৰু সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া ৰঞ্জন দাস সমন্বিতে ক্ষেত্ৰ পৰিদৰ্শন কৰে৷ নিৰ্মাণ থলিত লোক নিৰ্মান বিভাগৰ সংশ্লিষ্ট অভিযন্তা সকলো উপস্হিত আছিল ৷ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, প্ৰায় ছয় বছৰ ধৰি নিৰ্মান কাৰ্য স্হবিৰ হৈ থকা কথাটোত উপায়ুক্ত ভূচালে গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে আৰু ঠিকাদাৰ আৰু সংশ্লিষ্ট বিষয়া সকলক দুয়োখন আদৰ্শ বিদ্যালয়ৰ নিৰ্মানৰ বাকী থকা কাম অনতি পলমে আৰম্ভ কৰিবলৈ কঠোৰ সকীয়নি দিয়ে। লগতে এই সম্পৰ্কত তথ্য সম্বলিত এখন বিস্তৃত প্ৰতিবেদন জমা দিবলৈও বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। এই দুয়োখন বিদ্যাল়য় সোনকালে মুকলি হলে উক্ত অঞ্চলটোৰ লগতে জিলাখনৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব বুলি আশা কৰা হৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গুৱাহাটী বিমানবন্দৰত প্ৰথম মুখপত্ৰ ‘এল জি বি আই এ ক্ৰনিকেল’ উন্মোচন
- দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ”দৈনন্দিন বাৰ্তা” গোষ্ঠীৰ তৰফৰ পৰা বৰপেটাৰ ড° বিৰিঞ্চি কুমাৰ দাস আৰু নাৰায়ণ দাসক সম্বৰ্ধনা…
- শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ বিশ্ব বিদ্যালয়ৰ সম্পৰ্ক অভিযানৰ শুভাৰম্ভ…
- ৩৯ সংখ্যক চৰকাৰী পেঞ্চনাৰ সন্থাৰ সাধাৰণ অধিৱেশনত শিক্ষাবিদ ডঃ হিতেশ ডেকা…
- ৰাজ্যিক ফুটছাল চেম্পিয়ন গুৱাহাটী চিটী এফচিক প্ৰাইজমানী প্ৰদান…
- এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক অৰ্জন কৰা খেলুৱৈ ৰ’দালি বৰুৱাক আন্তৰিক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাৰ্যকলাপ বিভিন্ন বিষয় তথা আনুষংগিক দলীয় বিষয় সভাত পৰ্যালোচনা…
- চাপৰৰ হৰ্দেমাৰাত দুই ফৈদৰ মাজত সংঘটিত ভয়ংকৰ মাৰপিট…
- ডিব্ৰুগড়ত চি আৰ পি এফ ১৭১ বেটেলিয়নৰ গ্ৰন্থ বিতৰণ…
- বইটামাৰীৰ তালগুৰীত টুনীয়া নৈৰ খহনীয়াৰ কবলত ৰাজহুৱা শ্মশান সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ উপক্ৰম…