আজি বিহালীৰ বেদেতী শিৱ মন্দিৰ প্রাংগনত মর্নিংক্লাৱৰ উদ্যোগত অনুষ্ঠিত বৃক্ষৰোপন কার্যসূচীত অৰণ্যমানৱ যাদৱ পায়েঙে শুভাৰম্ভ কৰে । এই কাযর্সুচীত মর্নিংক্লাৱৰ বিষয় ববীয়াৰ লগতে স্হানীয়লোক উপস্হিত থাকে !যাদৱ পায়েঙক সম্বর্ধনা জনোৱা হয় । তেও বিহালী সংৰক্ষিত বনাঞ্চল ৰক্ষনা বেক্ষনা ৰাইজে কৰিব লাগে বুলি উল্লেখ কৰি গছ গছনি নাথাকিলে মানুহৰ লগতে জীৱকুলৰো ক্ষতি হয় বুলি উল্লেখ কৰে । তদুপৰি বিহালী বনাঞ্চলখন অভয়াৰণ্য হব লাগে বুলি বক্তব্যত উল্লেখ কৰে। তাৰ পিছতেই বিহালীৰ অন্যতম তীর্থস্হান পীতাম্বৰ ধামত জন্মাষ্টমীৰ উপলক্ষ গছপুলি ৰোপনৰ শুভৰম্ভ কৰি আয়োজিত অনুষ্ঠানত তেওঁ নিজৰ জীৱনৰ অভিজ্ঞতাৰ লগতে বিশ্বৰ বিভিন্ন দেশত গৈ গছ পুলি ৰুই বিশ্বক সেউজীয়া কৰাৰ যি পৰিকল্পনা সেই বিষয়ে উল্লেখ কৰে । তেও ইতিমধ্যে ৭কোটি গছ পুলি ৰুই অভিলেখ ৰচিছে । যাদৱ পায়েঙে অক্সিজেনৰ বাবেও গছ-গছনিৰ অতি প্ৰয়োজন বুলি আছে আৰু সকলোকে এই ক্ষেত্রত গুৰুত্ব আৰোপ কৰিবৰ বাবে আহ্বান কৰে ! জীব জন্তু পখীকুল আদিয়েও পৰিবেশ সংৰক্ষণৰ কাম কৰে অথচ মানুহে ধ্বংস কৰে । তাৰ পিছতেই মর্নিং ক্লাৱৰ সাংস্কৃতিক সচিব হিৰণ্য হাজৰিকাই পৰিবেশ সম্পর্কীয় বিষয়ত মন্তব্য কৰে । ইয়াৰ পিছতে প্ৰকৃতি প্ৰেমী অনুষ্ঠান ৰাংছালী ফাউণ্ডেচনৰ ফালৰ পৰা যাদব পায়েঙক ফুলাম গামোচাৰে আদৰণি জনাই । পীতাম্বৰ ধামৰ আচার্য ১০৮ নাৰায়নস্বামীয়ে পীতাম্বৰ ধামৰ আশে পাশে থকা গাও সমুহত গছ গছনি থকাৰ বাবে অক্সিজেনৰ অভাব নোহোৱাত কোভিডত এজনো লোকৰ মৃত্যু হোৱা নাই বুলি গৌৰব অনুভৱ কৰে । তেওঁ সকলো মানুহৰ ঘৰৰ আগত এজোপাকৈ গছ ৰোপন কৰিবলৈ আহ্বান জনায় । তেও পশু পক্ষীৰ খাদ্য হোৱাকৈ গছ গছনি ৰুব লাগে বুলিও কয় । আজি এই অনুষ্ঠানত মর্নিং ক্লাৱৰ সদস্য সকলৰ লগতে গুৱাহাটীৰ ৰতনলাল আগৰৱালা,নগাৱঁৰ ৰাজকুমাৰ টোডী সহ স্হানীয় লোকে সহযোগিতা কৰে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গুৱাহাটী বিমানবন্দৰত প্ৰথম মুখপত্ৰ ‘এল জি বি আই এ ক্ৰনিকেল’ উন্মোচন
- দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ”দৈনন্দিন বাৰ্তা” গোষ্ঠীৰ তৰফৰ পৰা বৰপেটাৰ ড° বিৰিঞ্চি কুমাৰ দাস আৰু নাৰায়ণ দাসক সম্বৰ্ধনা…
- শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ বিশ্ব বিদ্যালয়ৰ সম্পৰ্ক অভিযানৰ শুভাৰম্ভ…
- ৩৯ সংখ্যক চৰকাৰী পেঞ্চনাৰ সন্থাৰ সাধাৰণ অধিৱেশনত শিক্ষাবিদ ডঃ হিতেশ ডেকা…
- ৰাজ্যিক ফুটছাল চেম্পিয়ন গুৱাহাটী চিটী এফচিক প্ৰাইজমানী প্ৰদান…
- এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক অৰ্জন কৰা খেলুৱৈ ৰ’দালি বৰুৱাক আন্তৰিক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাৰ্যকলাপ বিভিন্ন বিষয় তথা আনুষংগিক দলীয় বিষয় সভাত পৰ্যালোচনা…
- চাপৰৰ হৰ্দেমাৰাত দুই ফৈদৰ মাজত সংঘটিত ভয়ংকৰ মাৰপিট…
- ডিব্ৰুগড়ত চি আৰ পি এফ ১৭১ বেটেলিয়নৰ গ্ৰন্থ বিতৰণ…
- বইটামাৰীৰ তালগুৰীত টুনীয়া নৈৰ খহনীয়াৰ কবলত ৰাজহুৱা শ্মশান সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ উপক্ৰম…