নুমলীগড় শোধনাগাৰৰ সৌজন্যত স্বেচ্ছাসেৱী অনুষ্ঠান “টিপকাই”ৰ সহযোগত নিৰ্মাণ কৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ আজি মাজুলীৰ তিনিখন বিদ্যালয়ত আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰা হয় ৷ মধ্য মাজুলী পাৰিজাত উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত আয়োজিত এক চমু অনুষ্ঠানত গড়মূৰ পীতাম্বৰদেৱ গোস্বামী কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ঘন নাথে বিদ্যালয়খনৰ বিশুদ্ধ পানী যোগান আঁচনিৰ ফিটাকাটি শুভ উদ্ধোধন কৰে ৷ পানী যোগান আঁচনিৰ শুভ উদ্ধোধন কৰি নাথে -ইয়াৰ জৰিয়তে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকগোট উপকৃত হ’ব বুলি উল্লেখ কৰে আৰু ইয়াৰ সৎ ব্যৱহাৰৰ ওপৰত গুৰত্ব আৰোপ কৰে ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰমানন্দ বৰাই আঁত ধৰা অনুষ্ঠানত স্বেচ্ছাসেৱী সংগঠন টিপকাইৰ প্ৰকল্প সঞ্চালক ভাস্বতী বৰুৱা আৰু লয়না গাৰ্গ , বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দীপ ভূঞা , জেষ্ঠ সাংবাদিক উৎপল কাকতি , সহ-শিক্ষকদ্বয় অনিল চন্দ্ৰ ভাগৱতী প্ৰমুখ্যে কেইবাগৰাকী শিক্ষক , কৰ্মচাৰী উপস্থিত থাকে ৷ ইয়াৰ পূৰ্বে নুমলীগড় শোধনাগাৰৰ সৌজন্যত টিপকাইৰ সহযোগত নিৰ্মাণ কৰা বিশুদ্ধ পানী যোগান আঁচনি ক্ৰমে চেলেক জনজাতি হাইস্কুল আৰু কৰতিপাৰ হাইস্কুলত বিদ্যালয়ৰ পৰিয়ালৰ সেৱাৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় ৷ অনুষ্ঠানত বিদ্যালয় দুখনৰ প্ৰধান ক্ৰমে অনিল শইকীয়া আৰু জগন্নাথ পেগু প্ৰমুখ্যে কৰ্মচাৰীসকল উপস্থিত থাকে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গুৱাহাটী বিমানবন্দৰত প্ৰথম মুখপত্ৰ ‘এল জি বি আই এ ক্ৰনিকেল’ উন্মোচন
- দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ”দৈনন্দিন বাৰ্তা” গোষ্ঠীৰ তৰফৰ পৰা বৰপেটাৰ ড° বিৰিঞ্চি কুমাৰ দাস আৰু নাৰায়ণ দাসক সম্বৰ্ধনা…
- শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ বিশ্ব বিদ্যালয়ৰ সম্পৰ্ক অভিযানৰ শুভাৰম্ভ…
- ৩৯ সংখ্যক চৰকাৰী পেঞ্চনাৰ সন্থাৰ সাধাৰণ অধিৱেশনত শিক্ষাবিদ ডঃ হিতেশ ডেকা…
- ৰাজ্যিক ফুটছাল চেম্পিয়ন গুৱাহাটী চিটী এফচিক প্ৰাইজমানী প্ৰদান…
- এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক অৰ্জন কৰা খেলুৱৈ ৰ’দালি বৰুৱাক আন্তৰিক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাৰ্যকলাপ বিভিন্ন বিষয় তথা আনুষংগিক দলীয় বিষয় সভাত পৰ্যালোচনা…
- চাপৰৰ হৰ্দেমাৰাত দুই ফৈদৰ মাজত সংঘটিত ভয়ংকৰ মাৰপিট…
- ডিব্ৰুগড়ত চি আৰ পি এফ ১৭১ বেটেলিয়নৰ গ্ৰন্থ বিতৰণ…
- বইটামাৰীৰ তালগুৰীত টুনীয়া নৈৰ খহনীয়াৰ কবলত ৰাজহুৱা শ্মশান সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ উপক্ৰম…