পশ্চিম নলবাৰী অঞ্চলৰ কৈহাটীৰ কামৰূপীয়া ঢুলীয়া কৃষ্টিৰ সৈতে জড়িত শিল্পী সকল সম্প্ৰতি ক’ৰণাকালিন পৰিস্হিতিৰ বাবে ভীষণ আৰ্থিক সসমস্যাৰ সন্মুখীন হৈছে । উল্লেখ্য, সংগীত নাটক অকাডেমি বঁটা প্ৰাপক কিম্বদন্তী শিল্পী মোহন ঢন্দ্ৰ বৰ্মন ( মোহন ভাইৰা )ৰ কামৰূপীয়া ঢুলীয়া দলৰ একাংশ শিল্পীয়ে এতিয়া ভয়াৱহ আৰ্থিক দৈন্যত ভুগি শেহতীয়াকৈ আনৰ ঘৰত দৈনিক মজদুৰী কৰিবলৈও বাধ্য হৈছে । লকডাউন সদৃশ পৰিস্থিতিৰ বাবেই সভা, মহোৎসৱ , পূজা-পাৰ্ব্বন আদি বন্ধ হৈ পৰাৰ ফলত এইসকল শিল্পীয়ে বিগত প্ৰায় দুটা বছৰে অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰাত দৰিদ্ৰ ঢুলীয়া শিল্পীসকলৰ জীৱনলৈ স্বাভাবিক ভাবেই যেন নামি আহিছে অমানিশা । ইয়াৰ মাজতে, পৰহি বিয়লি প্ৰায় ৪-৩০ বজাত নলবাৰীৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই কৈহাটীত উপস্থিত হৈ স্থানীয় ঢুলীয়া শিল্পীসকলৰ সৈতে মত বিনিময় কৰি খা-খবৰ লোৱাৰ লগতে শিল্পীসকলৰ পৰিয়ালৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় । বৰকৈহাটীৰ মদন মোহন গোঁসাইঘৰ প্ৰাংগণত এই উপলক্ষে সম্পন্ন হোৱা এক অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কৰুণাকান্ত ভড়ালীয়ে স্থানীয় ৰাইজৰ হৈ অতিৰিক্ত উপায়ুক্ত ডেকাক ফুলাম গামোচাৰে আদৰণি জনায় । অনুষ্ঠানত প্ৰকৃতিপ্ৰেমী ভূপেন কুমাৰ দাস, সাংস্কৃতিক কৰ্মী – শিক্ষক নৃপেন দত্ত, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি ৰাজেন বৈশ্য, উপ-সভাপতি দ্বীপেন মেনা, সমাজসেৱী ৰাজু ভূঞা, সাংবাদিক অতুল ভূঞা আদি উপস্থিত থাকে । তদুপৰি, অতিৰিক্ত উপায়ুক্ত ডেকাই জ্যেষ্ঠ ঢুলীয়া শিল্পী ৰমণী দাসৰ( ভাইৰা ) বাসগৃহলৈ গৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয় ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গুৱাহাটী বিমানবন্দৰত প্ৰথম মুখপত্ৰ ‘এল জি বি আই এ ক্ৰনিকেল’ উন্মোচন
- দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ”দৈনন্দিন বাৰ্তা” গোষ্ঠীৰ তৰফৰ পৰা বৰপেটাৰ ড° বিৰিঞ্চি কুমাৰ দাস আৰু নাৰায়ণ দাসক সম্বৰ্ধনা…
- শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ বিশ্ব বিদ্যালয়ৰ সম্পৰ্ক অভিযানৰ শুভাৰম্ভ…
- ৩৯ সংখ্যক চৰকাৰী পেঞ্চনাৰ সন্থাৰ সাধাৰণ অধিৱেশনত শিক্ষাবিদ ডঃ হিতেশ ডেকা…
- ৰাজ্যিক ফুটছাল চেম্পিয়ন গুৱাহাটী চিটী এফচিক প্ৰাইজমানী প্ৰদান…
- এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক অৰ্জন কৰা খেলুৱৈ ৰ’দালি বৰুৱাক আন্তৰিক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাৰ্যকলাপ বিভিন্ন বিষয় তথা আনুষংগিক দলীয় বিষয় সভাত পৰ্যালোচনা…
- চাপৰৰ হৰ্দেমাৰাত দুই ফৈদৰ মাজত সংঘটিত ভয়ংকৰ মাৰপিট…
- ডিব্ৰুগড়ত চি আৰ পি এফ ১৭১ বেটেলিয়নৰ গ্ৰন্থ বিতৰণ…
- বইটামাৰীৰ তালগুৰীত টুনীয়া নৈৰ খহনীয়াৰ কবলত ৰাজহুৱা শ্মশান সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ উপক্ৰম…