বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত টাপেশ্বৰা গাঁও পঞ্চায়ত কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত অাজি এ অাই ইউ ডি এফ দলৰ এখন যোগদান সভা অনুষ্ঠিত হৈ যায়। এই সভাত কংগ্ৰছ দল ত্যাগ কৰি পঞ্চায়ত প্ৰতিনিধি সহ প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মী সমৰ্থকে জনিয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামৰ উপস্থিতিত আনুষ্ঠানিক ভাবে এআইইউডিএফ দলত যোগদান কৰে। উল্লেখ্য যে, যি সময়ত মহাজোঁটত থাকিও কংগ্ৰেছ-ইউডিএফৰ মাজত বোকা ছটিওৱা খেল অব্যাহত আছে তেনে সময়ত কংগ্ৰেছৰ বলিষ্ঠ নেতা বৰপেটাৰ সাংসদ আব্দুল খালেকৰ গৃহ সমষ্টি জনিয়াৰ টাপেশ্বৰাত এআইইউডিএফৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মী এআইইউডিএফত যোগদান কৰা ঘটনাই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে | অনুষ্ঠানটোত টাপেশ্বৰা পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা আবুজাফৰ আহমেদ, কংগ্ৰেছ দলৰ যুৱনেতা আবু আহমেদৰ উপৰিও পঞ্চায়তৰ সদস্য ৰুহুল আমিন সহ প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মী সমৰ্থকে এআইইউডিএফ দলত যোগদান কৰাত তেওঁলোকক এঅাইইউডিএফ’ৰ নেতৃবৃন্দই উষ্ম অাদৰণি জনায়। সভাত বৰপেটা জিলা এঅাইইউডিএফ সমিতিৰ সভাপতি মুফতি শ্বামছুদ্দিন আহমেদ কাচিমি, উপ-সভাপতি তথা অধিবক্তা ছিৰাজ খান, আবু তাহেৰ আছাদি, বৰপেটা জিলা এঅাইইউডিএফ কমিটিৰ সাধাৰণ সম্পাদক খন্দকাৰ অাশ্ৰাফুল মামুন,জনিয়া সমষ্টি কমিটীৰ সভাপতি খন্দকাৰ জাকিৰ হুছেইন আৰু অন্যান্য দলীয় নেতৃবৃন্দ উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গুৱাহাটী বিমানবন্দৰত প্ৰথম মুখপত্ৰ ‘এল জি বি আই এ ক্ৰনিকেল’ উন্মোচন
- দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ”দৈনন্দিন বাৰ্তা” গোষ্ঠীৰ তৰফৰ পৰা বৰপেটাৰ ড° বিৰিঞ্চি কুমাৰ দাস আৰু নাৰায়ণ দাসক সম্বৰ্ধনা…
- শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ বিশ্ব বিদ্যালয়ৰ সম্পৰ্ক অভিযানৰ শুভাৰম্ভ…
- ৩৯ সংখ্যক চৰকাৰী পেঞ্চনাৰ সন্থাৰ সাধাৰণ অধিৱেশনত শিক্ষাবিদ ডঃ হিতেশ ডেকা…
- ৰাজ্যিক ফুটছাল চেম্পিয়ন গুৱাহাটী চিটী এফচিক প্ৰাইজমানী প্ৰদান…
- এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক অৰ্জন কৰা খেলুৱৈ ৰ’দালি বৰুৱাক আন্তৰিক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাৰ্যকলাপ বিভিন্ন বিষয় তথা আনুষংগিক দলীয় বিষয় সভাত পৰ্যালোচনা…
- চাপৰৰ হৰ্দেমাৰাত দুই ফৈদৰ মাজত সংঘটিত ভয়ংকৰ মাৰপিট…
- ডিব্ৰুগড়ত চি আৰ পি এফ ১৭১ বেটেলিয়নৰ গ্ৰন্থ বিতৰণ…
- বইটামাৰীৰ তালগুৰীত টুনীয়া নৈৰ খহনীয়াৰ কবলত ৰাজহুৱা শ্মশান সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ উপক্ৰম…