সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন । দিনযোৰা কাৰ্যসূচীৰে কুমাৰীকাটাৰ বাঁহবাৰী আদৰ্শ বিদ্যা নিকেতনৰ খেল পথাৰত অনুষ্ঠিত হয় । তামুলপুৰ জিলা সমিতিৰ সহযোগত আৰু দৰঙ্গাজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা পতাকা উত্তোলনেৰে সদৌ বিটিচি ধৰ্মীয় সংখালঘু পৰিষদৰ সভাপতি আব্দুল আৱাল মণ্ডলে কাৰ্যসূচীৰ পাতনি মেলে । ৯-৩০ বজাত শ্বহীদ তৰ্পন কৰে ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কাৰ্যকৰী সভাপতি ফজৰ আলী আহমেদে । আবেলি ২ বজাত আব্দুল আৱাল মণ্ডলৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। কেন্দ্ৰীয় ইউপিপিএলৰ নেতা মুজিব আলি আহমেদে আঁত ধৰা সভাখন উদ্বোধন কৰে কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ আজিজুৰ ৰহমানে । ভাষণত তেওঁ কয় ধৰ্মীয় সংখ্যালঘু পৰিষদ অৰাজনৈতিক সংগঠন হিচাপে জন্ম লাভ কৰিছিল । এই সংগঠনটোৰ উদ্দেশ্য আছিল বিটিচি অঞ্চলত বসবাস কৰা ধৰ্মীয় সংখ্যালঘূ জনসাধাৰণৰ সৰ্বস্তৰৰ উত্তৰণ ঘটোৱা । তেওঁ পুনৰ কয় যে শিক্ষাৰ ক্ষেত্ৰত ধৰ্মীয় সংখ্যালঘু লোকসকল যথেষ্ট পিছ পৰা । সেয়েহে সংখ্যালঘু পৰিষদে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব । বিটিআৰ অঞ্চলৰ সংখ্যালঘু লোকসকলৰ শৈক্ষিক উত্তৰণ হবই লাগিব । সংখ্যালঘু লোকসকলৰ অৰ্ধাংশৰো যদি শৈক্ষিক উন্নয়ন হয় তেতিয়াহলে আৰ এম চিৰ উদ্দেশ্য কিছু সফল হোৱা বুলি গণ্য হ’ব । সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে কয় মই এজন পৰিপক্ক ৰাজনীতিক নহয় । মই বাধ্যত পৰিহে ৰাজনীতি কৰিবলৈ আহিছোঁ । বিটিআৰ পৰিষদে সংখ্যালঘুসকলৰ উন্নয়নৰ বাবে কাম কৰিবলৈ এটা সুকীয়া বিভাগ আনিছে । বিগত দিনত বিটিচি প্ৰশাসনে সংখ্যালঘু লোক সকলৰ উন্নয়নৰ বাবে কোনো কাম নকৰিলে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে । কিন্তু সম্প্ৰতি প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ প্ৰশাসনে প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ অহোপুৰুষাৰ্থ অব্যাহত ৰাখিছে । প্ৰসংগক্ৰমে তেওঁ কয় যে সকলোৱে জাতিৰ নেতা হব নোৱাৰে । নেতাই জাতিৰ বাবে কাম কৰিলেহে জাতিৰ নেতা হব পাৰে । ধৰ্ম কৰি স্বৰ্গত বাস কৰিব পাৰে কিন্তু ধৰ্মক লৈ কোনেও ৰাজনীতি কৰিব নালাগে । সভাত তামুলপুৰৰ প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী , বিশিষ্ট সমাজকর্মী মইনুল হক চৌধুৰী , তামুলপুৰ জিলা ইউপিপিএলৰ সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাৰ্জাৰী , প্ৰাক্তন এবছু নেতা জলেন দৈমাৰী আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । এই সভাতে ছৰিফ আলিক সভাপতি আৰু আলাউদ্দিন আহমেদক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ ,জনীয়া তামুলপুৰ জিলা ধৰ্মীয় সংখ্যালঘু পৰিষদৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গুৱাহাটী বিমানবন্দৰত প্ৰথম মুখপত্ৰ ‘এল জি বি আই এ ক্ৰনিকেল’ উন্মোচন
- দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ”দৈনন্দিন বাৰ্তা” গোষ্ঠীৰ তৰফৰ পৰা বৰপেটাৰ ড° বিৰিঞ্চি কুমাৰ দাস আৰু নাৰায়ণ দাসক সম্বৰ্ধনা…
- শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ বিশ্ব বিদ্যালয়ৰ সম্পৰ্ক অভিযানৰ শুভাৰম্ভ…
- ৩৯ সংখ্যক চৰকাৰী পেঞ্চনাৰ সন্থাৰ সাধাৰণ অধিৱেশনত শিক্ষাবিদ ডঃ হিতেশ ডেকা…
- ৰাজ্যিক ফুটছাল চেম্পিয়ন গুৱাহাটী চিটী এফচিক প্ৰাইজমানী প্ৰদান…
- এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক অৰ্জন কৰা খেলুৱৈ ৰ’দালি বৰুৱাক আন্তৰিক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাৰ্যকলাপ বিভিন্ন বিষয় তথা আনুষংগিক দলীয় বিষয় সভাত পৰ্যালোচনা…
- চাপৰৰ হৰ্দেমাৰাত দুই ফৈদৰ মাজত সংঘটিত ভয়ংকৰ মাৰপিট…
- ডিব্ৰুগড়ত চি আৰ পি এফ ১৭১ বেটেলিয়নৰ গ্ৰন্থ বিতৰণ…
- বইটামাৰীৰ তালগুৰীত টুনীয়া নৈৰ খহনীয়াৰ কবলত ৰাজহুৱা শ্মশান সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ উপক্ৰম…