অসম চৰকাৰৰ বন বিভাগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৰাজ্যত বিগত সময়চোৱাত বন বিভাগে চোৰাং চিকাৰীৰ পৰা জব্দ কৰা গঁড়ৰ আপুৰুগীয়া খড়গসমুহ বিনষ্ট কৰা সন্দৰ্ভত ৰাইজৰ মতামত গ্ৰহণ কৰাৰ বাবে ৰাজহুৱা শুনানীৰ ব্যৱস্থা গ্ৰহণ কৰিছে । সেই অনুসৰি ২৯ আগষ্টত গুৱাহাটীৰ জালুকবাৰীস্থিত অসম বন বিদ্যালয়ত ৰাজহুৱা শুনানী অনুষ্ঠিত হয় । বন বিভাগৰ মুখ্য বন্যপ্ৰাণী অধীক্ষক গঁড়ৰ খড়গ বিনষ্টকৰণৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ অধ্যক্ষ এম কে যাদৱৰ নেতৃত্বত অনুষ্ঠিত ৰাজহুৱা শুনানীত মুখ্য বন সংৰক্ষক হেমকান্তি তালুকদাৰকে ধৰি কেবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে । আনহাতে পুৱা ১০ ,বজাৰ পৰা বিয়লি ২ বজালৈ অনুষ্ঠিত ৰাজহুৱা শুনানীত বৃহত্তৰ জালুকবাৰীকে ধৰি কাষৰীয়া অঞ্চলৰ কেবাজনো লোক উপস্থিত হৈ নিজৰ মতামত প্ৰকাশ কৰে । সমিতিৰ অধ্যক্ষ এম কে যাদৱে জানিবলৈ দিয়া মতে বহু লোকে সোঁ – শৰীৰে উপস্থিত হব নোৱাৰিলেও ইমেইল যোগে নিজৰ মতামত প্ৰকাশ কৰে ।


