মহামাৰী কৰ’ণা ভাইৰাইছসৃষ্ট পৰিৱেশৰ দীঘলীয়া লকলাউনৰ সময়চোৱাত নিজৰ স্বজনীশীল প্ৰতিভাক সৎ কামত খটোৱাই দুলীয়াজানৰ এগৰাকী ছাত্ৰই ৯.৭ ফুট দৈৰ্ঘ্যৰ এখন চাইকেল সাজি উলিয়াবলৈ সক্ষম হৈছে । এই বিশেষ চাইকেলখন কাষৰ পৰা এবাৰ প্ৰত্যক্ষ কৰিবলৈ ছাত্ৰগৰাকীৰ বাসগৃহত কৌতুহলী জনতাৰ ভীৰ বৃদ্ধি পাবলৈ ধৰিছে । দুলীয়াজানৰ জালনী বাগৰীবাম গাৱঁৰ দশম শ্ৰেণীৰ ছাত্ৰ চিন্ময় দত্তই এখন ৰেঞ্জাৰ চাইকেল ক্ৰয় কৰি অত্যাধুনিক এড্ভেঞ্চাৰ মটৰচাইকেলৰ আৰ্হিত এই বিশেষ চাইকেলখন সাজি উলিয়াবলৈ সক্ষম হৈছে । অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ গৰাকীয়ে মুঠ ১৩ হাজাৰ ৫০০ টকা ব্যয় কৰি মাত্ৰ এসপ্তাহত বিশেষ চাইকেলখন সাজি উলিয়াবলৈ সক্ষম হৈছে ।দুলীয়াজানৰ জালনী বগৰীবাম গাৱঁৰ তৰণ দত্ত আৰু বন্দিতা দত্তৰ একমাত্ৰ পুত্ৰ চিন্ময়ে বিশেষ চাইকেলখন প্ৰস্তুত কৰোঁতে প্ৰয়োজন হোৱা ধনৰাশি গোটাবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’লেও গাঁঠিৰ ধন ভাঙি পিতৃ-মাতৃয়ে পুত্ৰৰ বিজ্ঞানভিত্তিক সাধনাত সহযোগ কৰি আহিছে । মেধাৱী আৰু অমায়িক স্বভাৱৰ ছাত্ৰ গৰাকীয়ে ভৱিষ্যতে এটা বিজ্ঞানসন্মত কাৰখানা খুলি কৃষিজীৱী অঞ্চলটোৰ উন্নয়ন সাধন কৰাৰ পৰিকল্পনা পুহি ৰাখিছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মাৰ্ঘেৰিটাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ
- ৰোকাখাতা-বানিয়াপাৰাত ৰঙালী বিহুৰ বিশাল সাংস্কৃতিক অনুষ্ঠান
- জুনত টীম ইণ্ডিয়াৰ প্ৰশিক্ষক হিচাপে সমাপ্ত হ’ব ৰাহুল দ্ৰাৱিড়ৰ কাৰ্যকাল…
- ল’ৰা-ছোৱালীক মোবাইল দিব লাগে, ক’লে বিল গেটছে! বিল গেটছৰ সন্তানে মোবাইল ব্যৱহাৰ কৰে নে…
- শুভ সপোনঃ সপোনত এই ৫ টা বস্তু দেখাটো অতি শুভ, ভাগ্য সলনি হ’ব…
- শেষ হোৱা চেম্পুৰ বটলত পানী ঢালি ব্যৱহাৰ কৰোঃ আজিও মধ্যবিত্তীয় জীৱন যাপন কৰে অভিনেতা বিজয় দেৱেৰাকোণ্ডাই…
- দুৰ্নীতি নিবাৰকৰ জালত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ছহৰ আলী শিকদাৰ…
- দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ জামিন, নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ অনুমতি!
- মেটা গালা ২০২৪ত পৰিধান কৰা ঈশা আম্বানীৰ পোছাক তৈয়াৰ কৰিবলৈ ১০ হাজাৰ ঘণ্টা সময় লাগিছিল…
- ডায়েবেটিছৰ ভয়ত আম নোখোৱাকৈ আছে নেকি? কেনেকৈ খাব পকা আম…