ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ স্বৰ্ণ বিজয় বৰ্ষ কাৰ্যসূচী পালন কৰা হয় । ভাৰতীয় সেনা বাহিনীৰ জোৱান সকলৰ বীৰত্ব আৰু পৰাক্ৰমক শ্ৰদ্ধা জনাই দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক জেউতিৰ শ্বহীদ বেদীৰ প্ৰাংগনৰ পৰা জেউতি জ্বলাই ভাৰতৰ বিভিন্ন ৰাজ্য পৰিদৰ্শন কৰি আজি ভাৰতীয় সেনা বাহিনীৰ এটি সজাতি দল নলবাৰী জিলাত উপস্থিত হয় । এই যাত্ৰা কালত ভাৰতীয় সেনাবাহিনীয়ে শ্বহীদৰ নামত প্ৰজ্বলিত কৰা জেউতি কোনো কাৰণতে নুমুৱাবলৈ দিয়া হোৱা নাই । আজি নলবাৰী জিলাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভাৰতীয় সেনা বাহিনীৰ দলটো উপস্থিত হোৱাৰ পিছত জিলাৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজে হাতত পতাকা লৈ উষ্ম আদৰণি জনাই । উল্লেখ্য যে সেনা বাহিনীৰ দলটোৱে নলবাৰী জিলা হৈ তামুলপুৰৰ সেনাবাহিনীৰ চাউনীত উপস্থিত হৈ সেনাৰ চাউনীত আয়োজিত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীত অংশগ্ৰহণ কৰি আকৌ প্ৰজ্বলিত জেউতি লগত লৈ পুনৰ যাত্ৰা আৰম্ভ কৰিব ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ডিমৌত মিপুন বংশাৱলীৰ প্ৰথম সাধাৰণ অধিৱেশন সম্পন্ন
- স্তব্ধ হৈ ৰ’ল এটি সাহসী কণ্ঠ
- ভাৰত আৰু ইৰাণৰ দ্বিপাক্ষিক সম্পৰ্কত এক নতুন দিগন্তৰ সূচনা
- ব’হাগত কুৰিৰো অধিক মঞ্চত বিহুৰ দ্বাৰা ব্যতিক্ৰমী পথ-সুৰক্ষা অনুষ্ঠান পৰিবহণ বিভাগৰ
- মিছ ইউনিভাৰ্ছৰ ল’গো মুকলি, জুন মাহত অনুষ্ঠিত হ’ব মিছ ইউনিভাৰ্ছ অসমৰ অডিচন; গুৱাহাটীত মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ প্ৰতিনিধি…
- পাটনাৰ গুৰুদ্বাৰত ব্যতিক্ৰমী ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…
- সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি পদত নিৰ্বাচিত নগেন শৰ্মা, সাধাৰণ সম্পাদকৰ পদত অপূৰ্ব কলিতা…
- ডাইনী হত্যাৰ বিপক্ষে থিয় দিয়া সাহসী যুঁজাৰু নাৰীগৰাকী…
- চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাঃ উত্তীৰ্ণৰ হাৰ ৮৭.৯৮ শতাংশ, ৯৯.৯১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত তিৰুৱনন্তপুৰম, গুৱাহাটীত উত্তীৰ্ণৰ হাৰ ৮২.০৫ শতাংশ…
- পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰুবালা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ ইৰাণ ভ্ৰমণৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…