অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিয়ে ওদালগুৰি পৌৰ সভাৰ অধ্যক্ষ ৰাকেশ বড়োক ২৮ আগষ্টত তেওঁৰ নিজ গৃহ মনপুৰলৈ গৈ সম্বৰ্ধনা জনায়। ৰাকেশ বড়ো বিগত কালছোৱাত নিখিল বড়ো ছাত্র সন্থাৰ লগতো জড়িত থাকি বড়ো জাতীয় সমস্যা সমাধানৰ লগতে অন্যান্য জনগোষ্ঠী সকলৰ প্ৰতিও সমিল মিলেৰে কাম কৰি গৈছিল। তেখেত পিছলৈ গৈ পিপল্চ জৈন্ট এক্সন কমিটিৰো আহ্বায়ক হিচাপে থাকি বড়ো সমস্যা সমাধানৰ লগতে তেতিয়াৰ সশস্ত্ৰ পন্থা অৱলম্বন কৰা এন ডি এফ বিৰ সদস্য সকলক শান্তি বাৰ্তাত আনিবলৈ পিপল্চ জইন্ট এক্সন কমিটিৰ পৰাও অশেষ চেষ্টা চলাইছিল। বৰ্তমানৰ বি টি চিত চৰকাৰ গঠন কৰা ইউ পি পি এল দলৰ মিত্ৰ সংগঠন হিচাপে পিপল্চ জইন্ট এক্সন কমিটিৰ ফালৰ পৰা চৰকাৰ গঠন কৰাত সহায় আগ বঢ়াইছিল। ৰাকেশ বড়ো বৰ্তমান ওদালগুৰি পৌৰ সভাৰ অধ্যক্ষ পদত থকাৰ বাবে অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিয়ে তেওঁৰ নিজ গৃহলৈ গৈ সম্বৰ্ধনা জনোৱাৰ লগতে তেখেতৰ কাৰ্য্যকালত ওদালগুৰি চহৰৰ ক্ৰমান্বয় উন্নত হ’ব বুলি সাহিত্য সভাৰ বিষয়ববীয়াই আশা প্ৰকাশ কৰিছে। অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিৰ সভাপতি লক্ষ্মণ অধিকাৰীৰ নেতৃত্বত যোৱা সজাতি দলত সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য সহদেৱ গৌতম, জিলা সমিতিৰ উপদেষ্টা তথা বিশিষ্ট সাংবাদিক বৈদ্যনাথ উপাধ্যায়, জিলা সমিতিৰ সাধাৰণ সম্পাদক মোহন ৰাউত, শিক্ষা সম্পাদক দ্বীপেন্দ্ৰ সাপকোটা, সাহিত্য সম্পাদক তিল বাহাদুৰ ৰেগ্মী, সাংস্কৃতিক সম্পাদক ভূৱন মৈনালী আদি উপস্থিত থাকি সহায় সহযোগিতা কৰে বুলি সংগঠনটোবে এক প্ৰেছ বিবৃতিৰ যোগে জনাইছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰহাত ভাৰতীয় জনতা পাৰ্টিৰ পুৰণি নেতা কৰ্মীৰ কাৰ্যকৰ্তা সন্মিলন ! পুৰণি বিজেপি নেতা কৰ্মী উপেক্ষিত হৈ থকাৰ অভিযোগ…
- ৰৌতাত মুছলিম ছাত্র সন্থা (মুছা) ৰ কৰ্মশালা সম্পন্ন ! বি টি আৰত মুছলিমক ভূমি অধিকাৰ প্ৰধান কৰকঃ আশ্বিক ৰাব্বানী…
- মাজবাটৰ চিকাৰীডাঙাত ৩৭৪ কাৰ্টুন অবৈধ সুৰা জব্দ…
- বিপদত আল্লু! দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে আইনী ব্যৱস্থা…
- মাৰ্ঘেৰিটাৰ বৰগোলাইত তামাং বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ বিশাল ধৰ্মীয় শোভাযাত্ৰা…
- শিক্ষকৰ বেত্ৰাঘাতত আহত সপ্তম শ্ৰেণীৰ ছাত্ৰী…
- বকোৰ লামপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ৭জন আঘাতপ্ৰাপ্ত…
- দেৰগাঁৱত আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস পালন…
- ৩০ বছৰ বয়সৰ পূৰ্বেই মাতৃ হৈ পৰিছে বহু শীৰ্ষ অভিনেত্ৰী, ৩০ বছৰৰ পূৰ্বে মাতৃ হোৱাৰ সুফল জানক…
- মহানগৰ আৰক্ষীৰ জালত ২টা চাইবাৰ অপৰাধী ! ইণ্টাৰনেটৰ সহায়ত প্ৰৱঞ্চনাৰ জাল মেলি লুটিছিল ২ কোটি টকা…