ধুবুৰী জিলাৰ গৌৰীপুৰত সন্ধিয়া ৬.১০ মান বজাত ৰাজ্যখনৰ শক্তি মন্ত্ৰী বিমল বৰা গৌৰীপুৰস্হ এ ই জি চি এলৰ সহকাৰী ট্ৰেনছমিচন কায্যালয় আৰু অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত সহকাৰী মহা প্ৰবন্ধকৰ কায্যালয়,গৌৰীপুৰ পৰিদৰ্শন কৰে।আজি মন্ত্ৰী গৰাকীয়ে প্ৰথমে এ ই জি চি এলৰ সহকাৰী কায্যালয়ত উপস্থিত হৈ উক্ত কায্যালয়ে গ্ৰহণ কৰা বিদ্যুতৰ পৰিমাণৰ বুজ লয় আৰু ধুবুৰী জিলাত থকা গ্ৰাহকৰ সংখ্যাৰ অনুপাতে প্ৰয়োজন হোৱা বিদ্যুতৰ পৰিমাণৰ লগতে বিভাগটো সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে এক আলোচনাত মিলিত হোৱা দেখা যায়।এ ই জি চি এলৰ গৌৰীপুৰস্হ কায্যালয়খনে বৰ্তমান পিক সময়ত তথা সন্ধিয়া ৬.০০ বজাৰ পৰা ৮.০০ বজালৈ দৈনিক প্ৰায় ৪৯ ৰ পৰা ৫০ মেঘা ওৱাৰ্ড বিদ্যুৎ লাভ কৰে বুলি জনা গৈছে।কিন্তু উক্ত সময়ত গৌৰীপুৰত প্ৰায় ২৫, ধুবুৰীত প্ৰায় ১০ ,বিলাসীপাৰাত প্ৰায় ১৮,আগমণিত প্ৰায় ৮,গোলকগঞ্জত প্ৰায় ১০ মেগা ওৱাৰ্ডৰ বিদ্যুৎ পিক সময়ত প্ৰয়োজন বুলি জনা গৈছে।লগতে দিনটোৰ আন সময়ত ২৮ ৰ পৰা ২৯ মেঘা ওৱাৰ্ড বিদ্যুৎ লাভ কৰে উক্ত কায্যালয়ে যদিও পয্যায়প্ত নহয় বুলি জনা গৈছে।এই ক্ষেত্ৰত মন্ত্ৰী গৰাকীয়ে কি পদক্ষেপ লয় সেয়াই লক্ষনীয় হব।আনহাতে, মন্ত্ৰী গৰাকীয়ে গৌৰীপুৰস্হ সহকাৰী মহা প্ৰবন্ধকৰ কায্যালয়ত উপস্থিত হৈ বিভিন্ন কামকাজৰ বুজ লোৱাৰ পিছত গৌৰীপুৰস্হ গোৱালপাৰীয়া লোকগীত সম্ৰাঞ্জী প্ৰতিমা বৰুৱা পান্ডেৰ আবাস গৃহ তথা গৌৰীপুৰৰ ৰাজ বাড়ীত উপস্থিত হয়।মন্ত্ৰীৰ উক্ত ভ্ৰমণ সূচীত অসম শক্তি বিতৰণ কোম্পানীৰ অভিজিত শৰ্মা বৰুৱা, বিজয় বড়ো, সুৰজিৎ পাল,বিজেপিৰ দেৱময় সান্যাল,গৌৰীপুৰ বিধায়ক নিজানুৰ ৰহমান আৰু জিলা উপায়ুক্ত অম্বামুথন আদিয়ে উপস্থিত থকা দেখা যায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসফল শিক্ষাৰ্থীৰ কথাও ভাবক, শিক্ষাৰ মান বাঢ়িব
- ৰূপনগৰত “ব’হাগৰ অন্তিমটো দিনত” সাহিত্য-সংস্কৃতিৰ মনোৰম আড্ডা
- প্ৰথম বেটেলিয়ান এছএছবিৰ উদ্যোগত স্বাস্থ্য সজাগতা আৰু বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰ
- সপ্তম ৰাষ্ট্ৰীয় মিক্সড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত অসমৰ সাফল্য ! ৭ টা সোণসহ মুঠ পদক ১৭ টা
- গুৱাহাটী মহানগৰৰ চছলত বহাগী উৎসৱৰ সফল সামৰণি…
- এদল প্ৰতিভা সম্পন্ন যুৱক-যুৱতীৰ প্ৰচেষ্টাত নিৰ্মাণ এখন নতুন অসমীয়া কথাছবি ! “টিলিকা গুণ্ডা”ৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহণ পূৰ্ণগতিত…
- শিল্পী জুবিন গাৰ্গক কােনে দিলে কবিতা উপহাৰ…
- মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱৰ ৪১৩ সংখ্যক তিৰোভাৱ আৰু ৪৮৩ সংখ্যক আবিৰ্ভাব তিথি…
- प्रथम वाहिनी सशस्त्र सीमा बल सोनपुर में स्वास्थ्य जागरूकता एवं निःशुल्क आयुर्वेद शिविर का आयोजन किया गया…
- নগাঁৱৰ ঘূৰীয়াগাঁও ডৌকা চাপৰি সত্ৰত মহাপুৰুষ শ্ৰী শ্ৰী গোপাল দেৱৰ তিৰোভাৱ-আবিৰ্ভাৱ তিথি…